হোলী উদযাপন নকৰে আপেঃ কৰিব প্ৰধানমন্ত্ৰীৰ বাসভৱন ঘেৰাও...

হোলী উদযাপন নকৰে আপেঃ কৰিব প্ৰধানমন্ত্ৰীৰ বাসভৱন ঘেৰাও...

ডিজিটেল ডেস্কঃ আবকাৰী নীতি কেলেংকাৰী গোচৰত আদালতত সকাহ নাপালে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক সাতদিনৰ ইডিৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পাছতে আম আদমী পাৰ্টিয়ে বিশেষ প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে।

মুখ্যমন্ত্ৰীগৰাকীক অসাংবিধানিকভাৱে গ্ৰেপ্তাৰ কৰা বুলি অভিযোগ তুলি আপে ঘোষণা কৰিছে যে, এইবেলি তেওঁলোকে ৰঙৰ উতসৱ হোলী উদযাপন নকৰে। উক্তদিনটোত আম আদমীৰ সকলো শীৰ্ষ নেতাই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ২৬মাৰ্চত প্ৰধানমন্ত্ৰীৰ বাসভৱন ঘেৰাও কৰিব। এই কথা শেহতীয়াকৈ ঘোষণা কৰিছে আপৰ শীৰ্ষ নেতৃত্বই।

আম আদমীৰ নেতা তথা মন্ত্ৰী গোপাল ৰায়ে শেহতীয়াকৈ এখন সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰাৰ লগতে বিজেপি চৰকাৰক তীব্ৰ কটাক্ষ কৰে। কেৱল ভোটৰ অংক আৰু আগন্তুক নিৰ্বাচনত ভীতিগ্ৰস্ত হৈ বিজেপি চৰকাৰে এনে পন্থাৰ সহায় লোৱা বুলি কয় মন্ত্ৰীগৰাকীয়ে।

ৰায়ে লগতে কয় যে, আপৰ নেতৃত্বক মুখ্যমন্ত্ৰী কেজৰিৱালৰ পৰিয়ালক লগ ধৰিবলৈও দিয়া নাই। এয়া একনায়ত্ববাদী চৰকাৰ চূড়ান্ত ৰূপ। আমি ২৪মাৰ্চত দিল্লীৰ প্ৰতিটো বিধানসভা ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰিম, ২৫মাৰ্চত আমি হোলী উদযাপন নকৰো আৰু তাৰ পিছত দিনা আমি প্ৰধানমন্ত্ৰী বাসভৱন ঘেৰাও কৰিম'

এইখিনিতে উল্লেখ নকৰি নোৱাৰি যে, আদালতত ৩২পৃষ্ঠাৰ আবেদনত ই ডিয়ে কেজৰিৱালৰ বিৰুদ্ধে বহুকেইটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। দক্ষিণৰ লবীৰ পৰা উতকোচ লৈ প্ৰায় ৬০০কোটি টকাৰ কেলেংকাৰীৰে আবকাৰী নীতি সলনি কৰিছিল বুলি ইডিয়ে অভিযোগনামা দাখিল কৰিছে।

হোলী উদযাপন নকৰে আপেঃ কৰিব প্ৰধানমন্ত্ৰীৰ বাসভৱন ঘেৰাও...
২৪ মাৰ্চৰ পৰা বটদ্ৰৱা থানত দৌল যাত্ৰা মহোৎসৱ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in