/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/fe9f0b59-78ba-48de-aec5-d35b482a8c5e/aap.jpg)
aap protest
ডিজিটেল সংবাদ, বৰপেটা: ৰাজ্যত ভুৱা শিক্ষা মডেল চলি আছে বুলি অভিযোগ উত্থাপন কৰি সোমবাৰে আম আদমী পাৰ্টীয়ে বৰপেটাত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ কৰা প্ৰতিবাদীসকলে একত্ৰীকৰণৰ নামত বিদ্যালয় বিলুপ্তিকৰণ বন্ধ কৰক , বিদ্যালয়সমুহত পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়ক , বিদ্যালয় সমুহত কম্পিউটাৰ শিক্ষাৰ প্ৰচলন কৰক , বিদ্যালয় সমুহৰ আন্ত:গাঁথনিৰ উন্নয়ন কৰক আদি বিভিন্ন শ্লোগান দিয়ে ৷
বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আম আদমী পাৰ্টিৰ কৰ্মীসকলে কয় যে , ৰাজ্য চৰকাৰে অসমত শিক্ষা ব্যৱস্থাৰ আমূল পৰিবৰ্ত্তন অনা বুলি কৈ আহিলেও ৰাজ্যখনত এক ভূৱা শিক্ষা মডেলহে চলি আছে ৷
প্ৰতিবাদীসকলে গোটেই অসমত নিজাববীয়াকৈ ছাৰ্ভে কৰা বুলি মন্তব্য কৰি কয় যে , অসমত ৬০ শতাংশ বিদ্যালয়ত খোৱা পানীৰ ব্যৱস্থা নাই ৷ ৭০ শতাংশ বিদ্যালয়ৰ খেল পথাৰ নাই বুলি উল্লেখ কৰি প্ৰতিবাদীসকলে কয় যে , ৮৪ শতাংশ বিদ্যালয়ত পুথিভঁড়াল নাই ৷ ৰাজ্যৰ ৯৫ শতাংশ বিদ্যালয়ত বৰ্তমানো কম্পিউটাৰৰ ব্যৱস্থা কৰা নাই বুলি মন্তব্য কৰে প্ৰতিবাদীসকলে ৷
প্ৰধানমন্ত্ৰীয়ে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ থাকে যদিও বিদ্যালয়ত যদি কম্পিউটাৰৰ শিক্ষা দিয়া নহয় তেনেহ’লে কেনেকৈ ডিজিটেল ইণ্ডিয়া হ’ব বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদী সকলে ৷ প্ৰতিবাদীসকলে কয় যে , চৰকাৰখনে কথাৰেহে চমক সৃষ্টি কৰিব খোজা বুলি মন্তব্য কৰি প্ৰতিবাদীসকলে কয় যে , ৰাজ্যখনৰ বহু বিদ্যালয়ত আন্ত:গাঁথনিৰ অৱস্থা একেবাৰে শোচনীয় ৷
বহু বিদ্যালয়ত শিক্ষকৰ অভাৱ আছে বুলি উল্লেখ কৰি প্ৰতিবাদীসকলে কয় যে , শিক্ষকৰ অভাৱৰ বাবেই বহু ছাত্ৰ-ছাত্ৰী নিয়মীয়া পাঠ গ্ৰহণৰ পৰা বঞ্চিত হ'বলগা হৈছে ৷ ইপিনে, বিদ্যালয় একত্ৰীকৰণৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰতিবাদীসকলে কয় যে , একত্ৰীকৰণৰ বিপৰীতে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়নৰহে প্ৰয়োজন ৷
চৰকাৰখনে অসমত চৰকাৰী বিদ্যালয়সমূহ বন্ধ কৰাৰ বিপৰীতে ব্যক্তিগত বিদ্যালয়ৰ নিৰ্মাণেৰে শিক্ষা ব্যৱস্থাক ব্যৱসায়লৈ পৰিৱৰ্তন কৰা বুলি অভিযোগ তোলে আম আদমীৰ প্ৰতিবাদীসকলে ৷ ইপিনে, অনুমতি নোলোৱাকৈ প্ৰতিবাদ কৰাৰ বাবে বৰপেটা আৰক্ষীয়ে আম আদমী পাৰ্টীৰ প্ৰতিবাদকাৰীসকলক আটক কৰি বৰপেটা সদৰ থানালৈ লৈ যায়৷