/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/8933acf1-40c7-4980-8349-68f13c75a87e/ooio.jpg)
ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা: বহুত হ'ল দুৰ্নীতি আৰু বিভাজনৰ ৰাজনীতি, এতিয়া হ'ব কামৰ ৰাজনীতি-এই মুলমন্ত্ৰ লৈ অসমৰ চুকে কোনে আম আদমী পাৰ্টীৰ সংগঠন শক্তিশালী কৰি তুলিবলৈ আপে আৰম্ভ কৰিছে জিলাই জিলাই কৰ্ম-কৰ্তা প্ৰশিক্ষণৰ কাৰ্যসূচী।
দেওবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আপৰ উদ্যোগত মানকাচৰৰ এ এল লতিফ ছোৱালী হাইস্কুলত জিলা কৰ্ম-কৰ্তাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত আম আদমী পাৰ্টীৰ ৰাজ্যিক সমিতিৰ সাংগঠনিক সম্পাদক তথা নাঁওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লগতে দলটোৰ ৰাজ্যিক মুখপাত্ৰ আলাউদ্দিন আহমেদ তথা জিলা সমিতিৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।
অসমৰ প্ৰতিটো জিলাৰ প্ৰতিটো গাঁৱত আম আদমী পাৰ্টীৰ সংগঠন অতি শক্তিশালী কৰাৰ উদ্দেশ্যে আজি জিলা কৰ্মকৰ্তা সকলক প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই প্ৰশিক্ষণ শিবিৰৰ জৰয়তে ৰাজ্যিক সাংগঠনিক সম্পাদক মামুন ইমদাদুল ভাষণ প্ৰসংগত কয়- অসম যিমানে জাতি জনগোষ্ঠী আছে সকলো জাতি জনগোষ্ঠী ক্ষমতাত আছে। উদাহৰণ হিচাপে বড়ো, দেউৰী, ৰাভা, কচাৰী সকলো জাতি-জনজাতি ক্ষমতাত আছে।
কিন্তু কেৱল সংখ্যালঘু মানুহৰ কোনো ক্ষমতা নাই। আমি সংখ্যালঘু সকল ৰাজনীতি কৰিব নাজানো, অন্য জাতি-জনজাতি সকলে ৰাজনীতিৰ হিচাপ জানে বাবেই আজি তেওঁলোক ক্ষমতাত আছে।
তেওঁ আৰু কয়, ২০১১ চনৰ চেনছাচ মতে অসমত মুঠ জনসংখ্যাৰ ৩৪.২ শতাংশ সংখ্যালঘু মানুহ, অথচ ক্ষমতাত নাই। সৰ্বানন্দ সোনোৱাল, সোনোৱাল কচাৰী সকল অসমত অকল ২ লাখ মানুহ হোৱাৰ পাচতো মুখ্যমন্ত্ৰী হৈছে বুলি তেওঁ জাতি-জনজাতিক লৈ বিতৰ্কিত মন্তব্য কৰা পৰিলক্ষিত হৈছে। এই প্ৰশিক্ষকৰ অন্তত তেওঁ সাংবাদিকৰ সৈতে এক সংবাদমেলৰ আয়োজন কৰি অসমত আম আদমী পাৰ্টীৰ সংগঠন শক্তিশালী কৰা সন্দৰ্ভত বিভিন্ন মতামত আগবঢ়ায়।
আৰু পঢ়ক: বটদ্ৰৱা থানলৈ আগমন বিহাৰৰ মিথিলা বিশ্ববিদ্যালয়ৰ ছাত্ৰী...