বিশ্বনাথত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডণ্যৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

বিশ্বনাথত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডণ্যৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ

ডিজিটেল সংবাদ,বিশ্বনাথ : যি দৰে ঈদত পুৰণি কাপোৰ সলাই নতুন কাপোৰ পিন্ধে, সেইদৰেই এইবাৰ পুৰণি দল সলাই নতুন দলক আদৰি ল'বলৈ সংখ্যালঘু ৰাইজক আহ্বান জনাইছে আম আদমীৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডণ্যই। বৃহস্পতিবাৰে বিশ্বনাথৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই শোণিতপুৰৰ আপৰ প্ৰাৰ্থী কৌণ্ডিন্যই কয় যে, বহাগ আহিছে,গছে পাত সলাব।ঈদ আহিছে,বিহু আহিছে।ৰাইজে এতিয়া নতুন কাপোৰ পিন্ধিব। লগতে পুৰণি দল পুৰণি নেতা এতিয়া ফটা চোলাৰ দৰে হৈছে। ফটা চোলাৰে তেওঁলোকৰ আচল ৰূপটো দেখা পাই।সেয়েহে এতিয়া ৰাইজক কৈছো ফটা চোলা সলনি কৰিবলৈ হল আৰু নতুন চোলা ল'বৰ হ'ল। এই নতুন চোলা হিচাপে অসমত আম আদমী পাৰ্টী আহিছে। তাক গ্ৰহণ কৰি- ৰাইজ উপকৃত হ'ব লাগে। এই মন্তব্য আম আদমী প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিণ্যৰ।

দৰাচলতে লোকসভা নিৰ্বাচনক লৈ শোণিতপুৰ লোকসভা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযানত নামিছে আম আদমী পাৰ্টী। আম আদমী প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিণ্যই লোকসভা সমষ্টিটোৰ বিভিন্ন বিধান সভা- সমষ্টিত নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱাৰ লগতে বুধবাৰৰ পৰা মাৰাথান প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে বিশ্বনাথ বিধান সভা সমষ্টিত। বৃহস্পতিবাৰে বিশ্বনাথৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ কাৰ্য চলোৱাৰ লগতে সংখ্যালঘু অঞ্চল কুমলীয়াতো- ব্যাপক প্ৰচাৰ অভিযান চলাই বিস্ফোৰক মন্তব্য প্ৰদান কৰে।

আনহাতে প্ৰাৰ্থীগৰাকীয়ে স্বাধীনতাৰ পিছৰ পৰা বৰ্তমানলৈকে সংখ্যালঘু ৰাইজক প্ৰতিটো ৰাজনৈতিক দলে ভোটবেংক হিচাপে ব্যৱহাৰ কৰি অহাটো এইবাৰ সংখ্যালঘু ৰাইজে বুজি উঠিছে বুলিও মন্তব্য কৰে। আনহাতে প্ৰাৰ্থীগৰাকীয়ে ধনৰ বিনিময়ত ভোট সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় যে ইয়ালৈ আহি বহুতে ভোট কিনি লয়। চাহ বাগিছা অঞ্চলত গ'লেও কোনো কুণ্ঠাবোধ নকৰাকৈ ধন দিলেহে ভোট দিম বুলি কয় । কিন্তু ভোটতো কিনি ল'লে সেই ভোটৰ ওপৰত ৰাইজৰ অধিকাৰ নাথাকে। মন্ত্ৰী বিধায়কৰ ঘৰৰ মুখৰ পৰা ধাক্কা খাই ওলাই আহিব লগা হয়, তেওঁলোকে পিছত গুৰুত্ব নিদিয়ে। চান্দা বিচাৰি বিচাৰি মন্ত্ৰী বিধায়কৰ ঘৰত যিটো অৱস্থা কৰে সেই কাৰণে পিছত তেওঁলোকক গুৰুত্ব নিদিয়া হয় বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

বিশ্বনাথত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডণ্যৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ
জোনমনি ৰাভা ঘটনাৰ গোচৰ উঠাই ল'লে মাতৃয়ে !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in