পিপিই কীট আৰু চেনিটাইজাৰ যোগানৰ তদন্তৰ দাবীত চিপিআই, আপৰ প্ৰতিবাদ…

পিপিই কীট আৰু চেনিটাইজাৰ যোগানৰ তদন্তৰ দাবীত চিপিআই, আপৰ প্ৰতিবাদ…

author-image
asomiyapratidin
New Update
পিপিই কীট আৰু চেনিটাইজাৰ যোগানৰ তদন্তৰ দাবীত চিপিআই, আপৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ,নগাঁও: নগাঁও চহৰত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৷ দুটাকৈ সংগঠনে পৃথকে পৃথকে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে ৷

নগাঁও জিলা চিপিআই(এম) য়ে চহৰখনৰ নগাঁও মহাবিদ্যালয়ৰ ওচৰত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ নগাঁও জিলাৰ বটদ্ৰবা থানা কাণ্ডৰ ঘটনা উচ্চ ন্যায়ালয়ৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী উত্থাপন কৰে সংগঠনটোয়ে ৷ আৰক্ষীৰ জিম্মাত অভিযুক্তৰ হত্যা আৰু এনকাউন্টাৰৰ ৰাজনীতি বন্ধ কৰাৰ দাবীত চিপিআই(এম)য়ে হাতত লয় এই প্ৰতিবাদী কাৰ্যসূচী ৷

আনহাতে আপৰ নগাঁও জিলা সমিতিয়ে চহৰখনত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সংগঠনটোৰ কিছু সংখ্যক কৰ্মকৰ্তাই ধৰ্ণা প্ৰদান কৰে ৷

বিশেষকৈ পিপিই কীট আৰু চেনিটাইজাৰ যোগানৰ তদন্ত বিচাৰি ৰাজনৈতিক সংগঠনটোয়ে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷ লগতে আপে মুখ্যমন্ত্ৰীৰ পদত্যাগৰো দাবী উস্থাপন কৰে ৷ পিছত জিলা উপায়ুক্তৰ জৰিয়তে ৰাজ্যপাললৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ৰাজনৈতিক সংগঠনটোয়ে ৷়

আৰু পঢ়ক: দুৰ্ভাগ্যজনক! সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ টানেল খহি শ্ৰমিকৰ কৰুণ মৃত্যু…

nagaon assam