'ৰাজনৈতিক ব্যৱস্থাৰ সলনি অবিহনে ৰাইজৰ শাসন অসম্ভৱ '- আপ অসমৰ দাবী

'চৰকাৰ-পঞ্চায়ত আহিব আৰু যাব, কিন্তু দেশত প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰা ৰাইজৰ শাসন সম্ভৱ নহ’ব'- আপ অসমৰ দাবী। পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত প্ৰতিনিধিসকলকো অভিনন্দন।

author-image
Asomiya Pratidin
New Update
'ৰাজনৈতিক ব্যৱস্থাৰ সলনি অবিহনে ৰাইজৰ শাসন অসম্ভৱ '- আপ অসমৰ দাবী

ডিজিটেল ডেস্কঃ 'চৰকাৰ-পঞ্চায়ত আহিব আৰু যাব, কিন্তু দেশত বৰ্তমান প্ৰচলিত ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰা ৰাইজৰ শাসন সম্ভৱ নহ’ব' ৷ এক প্ৰেছ বিবৃতিত পঞ্চায়ত নিৰ্বাচনত নিৰ্বাচিত প্ৰতিনিধিসকলক অভিনন্দন জ্ঞাপন কৰি এই মতামত আগবঢ়াইছে আম আদমি পাৰ্টী, অসমৰ সাধাৰণ সম্পাদক (সংগঠন) ৰাজীব শইকীয়াই ৷

বিবৃতিটোত আপৰ নেতাজনে কয় যে, চৰকাৰ -পঞ্চায়ত আহিব আৰু যাব, বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাৰেই বিজেপিয়েই হওক নতুবা কংগ্ৰেছেই হওক চৰকাৰ-পঞ্চায়ত-প্ৰশাসন চলাব ৷ এই ব্যৱস্থাত ৰাইজে উপহাৰ হিচাপে পাব মাথো দুৰ্নীতি-অনিয়ম, স্বজন-তোষণ, ভুৱা প্ৰতিশ্ৰুতি আদি।

যাৰ দ্বাৰা ৰাইজৰ শাসন প্ৰতিষ্ঠা নহ'ব আৰু ৰাইজৰ উন্নয়ণ সম্ভৱ নহ'ব ৷ ইয়াৰ বিকল্প কেৱল আম আদমি পাৰ্টীয়েহে দিব পাৰে বুলি উল্লেখ কৰি আপৰ নেতা ৰাজীব শইকীয়াই কয় যে, আমি প্ৰথম বাৰৰ বাবে পঞ্চায়ত নিৰ্বাচনত অৱৰ্তীন হৈছিলো, আমি আমাৰ খাটা খুলিলো ৷

পঞ্চায়তত নিৰ্বাচিত জনপ্ৰতিনিধিসকলৰ দ্বাৰা আমি অসমত কাম আৰু সততাৰ নমুনা অসমৰ ৰাইজৰ সন্মুখত দাঙি ধৰিম বুলি অংগীকাৰ কৰি আপৰ নেতাজনে কয়, আমি চৰকাৰৰ সকলো স্তৰতে দুৰ্নীতি - অনিয়ম ১০০ শতাংশ নিৰ্মূল হোৱাটো বিচাৰো ৷ কংগ্ৰেছ আৰু বিজেপিৰ নেতৃত্বলৈ উদ্দেশ্য কৰি ৰাজীব শইকীয়াই কয়, কংগ্ৰছে সুদীৰ্ঘ দিন কৰি অহা অপ শাসনৰ তিক্ততা ৰাইজে পাহৰা নাই ৷

অন্যহাতে মোদী আৰু অসমৰ বিজেপি চৰকাৰৰ অপ শাসনো ৰাইজে দেখিলে ৷ যোৱা কাৰ্যকালত দুৰ্নীতিৰে লুতুৰী পুতুৰী মানুহকে দুয়োটা দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে ৷ বিৰোধীৰ ভোট বিভাজনৰ বাবেই আৰু ভয় ভাবুকি, প্ৰলোভন আদিৰ বাবেই বিজেপিৰ প্ৰাৰ্থী সৰহ সংখ্যক আসনত জয়ী হ'ল ৷

গতিকে এয়া সুস্থ গণতন্ত্ৰৰ নিদৰ্শন নহয় ৷ আম আদমি পাৰ্টীক অসমৰ ৰাইজে আদৰি লোৱা বাবে ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰি আপৰ নেতাজনে আগন্তুক দিনত অসমবাসী ৰাইজৰ সহযোগিতা বিচাৰিছে ৷

আপ অসম পঞ্চায়ত নিৰ্বাচন