আপ হাইকমাণ্ডৰে লোকসভা আসনৰ সমীকৰণ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ

আপ হাইকমাণ্ডৰে লোকসভা আসনৰ সমীকৰণ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ

author-image
Asomiya Pratidin
New Update
আপ হাইকমাণ্ডৰে লোকসভা আসনৰ সমীকৰণ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ

ডিজিটেল সংবাদ,গুৱাহাটী : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে। বিশেষকৈ বিজেপি বিৰোধী দলসমূহৰ উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়া' গঠন হোৱাৰ পিছত আম আদমি পাৰ্টী(আপ) ৰ ৰাজনৈতিক ব্যস্ততা পৰিলক্ষিত হৈছে।

Advertisment

সমগ্ৰ দেশৰ লগতে অসমতো নির্বাচনকেন্দ্রিক এই তৎপৰতা বাঢ়িছে। অসমত বিৰোধী ৰাজনৈতিক দলসমূহৰ উমৈহতীয়া কুচকাৱাজৰ সমান্তৰালভাৱে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালৰ নিৰ্দেশ মর্মে সাংগঠনিক সম্পাদক সন্দীপ পাঠকে অসমৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীকে প্ৰমুখ্যে কৰি দলটোৰ উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ সভাপতিসকলক অহা ১৪ অক্টোবত দিল্লীলৈ মাতি পঠিয়াইছে বুলি জানিব পৰা গৈছে।

এই আমন্ত্রণক্রমে ভবেন চৌধুৰীয়ে বৃহস্পতিবাৰে সন্ধিয়া দিল্লীলৈ ৰাওনা হ'ব। অসমত 'আপ' ৰ সাংগঠনিক সক্রিয়তাৰ পিছত ১৪ অক্টোবৰত হ'বলগীয়া এই নির্বাচনকেন্দ্রিক আলোচনা অত্যন্ত গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈছে।

উক্ত বৈঠকত আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ পৰা দলে প্রতিদ্বন্দিতাৰ বাবে ''ইণ্ডিয়া' মৰ্চাৰ ওচৰত দাবী উত্থাপন কৰিবলগীয়া আসনৰ সংখ্যাৰ সন্দৰ্ভত আলোচনা কৰা হ'ব। উক্ত আলোচনা কালত অসমত দলটোৰ সাংগঠনিক দিশ শক্তিশালীকৰণৰ বিষয়ে আলোচনা কৰাৰ লগতে অহা নৱেম্বৰত মাহত দলটোৰ আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অসম ভ্ৰমণৰ সন্দৰ্ভতো আলোচনা কৰা হ'ব বুলি জানিব পৰা গৈছে।

Also Read: মঙলদৈত মাটিৰ অভাৱত আজিও নিৰ্মাণ কৰিব পৰা নাই পলিটেকনিক কলেজ

aap