আমতল ভেৰগাঁৱত সুৰামত্ত যুৱকৰ অতপালিত অতিষ্ঠ ৰাইজ

শোণিতপুৰ জিলাৰ ৰাক্ষমাৰী আৰক্ষী চকীৰ অন্তগৰ্ত ভেৰগাঁৱত সুৰাৰ ৰাগীত মাতাল যুৱকে চলাইছে তাণ্ডৱ। সুৰাৰ ৰাগীত মাতাল যুৱকে আদবাটতেই বাট আগচি ধৰি এটা পৰিয়ালক আক্ৰমণ কৰাৰ চেষ্টা

author-image
Asomiya Pratidin
New Update
378

ডিজিটেল সংবাদ, ওৰাং : শোণিতপুৰ জিলাৰ ৰাক্ষমাৰী আৰক্ষী চকীৰ অন্তগৰ্ত ভেৰগাঁৱত সুৰাৰ ৰাগীত মাতাল যুৱকে চলাইছে তাণ্ডৱ। সুৰাৰ ৰাগীত মাতাল যুৱকে আদবাটতেই বাট আগচি ধৰি এটা পৰিয়ালক আক্ৰমণ কৰাৰ চেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে।

Advertisment

অভিযোগ অনুসৰি, সুৰাপায়ী যুৱক দুজনে আদবাটতেই গাড়ী ৰখাই গাঁওখনৰে ৰূপেশ্বৰ বৰা নামৰ লোকজনৰ পৰিয়ালটোক কৰে অভব্য আচৰণ। ঘটনাৰ পাছতেই ভুক্তভোগী পৰিয়ালৰ পক্ষত ওলাই আহে গাঁওখনৰ ৰাইজ।

জানিব পৰা মতে ৰূপেশ্বৰ বৰাই তেওঁৰ পত্নী আৰু কন্যাক লগত লৈ ঢেকিয়াজুলিৰ চিকিৎসালয়ৰ পৰা ঘৰলৈ ওভতাৰ পথত শোণিতপুৰৰ আমতল ভেৰগাঁৱত জয়ন্ত শর্মা আৰু জয়ন্ত নাথ নামৰ দুজন সুৰাপায়ী যুৱকে পৰিয়ালটোক বাট আগচি ধৰি আক্ৰমণৰ চেষ্টা চলায়। সুৰাৰ ৰাগীত মাতাল হৈ দুই যুৱকে ৰূপেশ্বৰ বৰাৰ গাড়ী আগভেটি ধৰি আবদ্ধ কৰি নানান অভব্য আচৰণ কৰে।

ইয়াৰ পিছত সুৰাপায়ী দুই যুৱক আৰু ৰূপেশ্বৰ বৰাৰ মাজত তুমুল বাক বিতণ্ডা হয়। সুৰাপায়ী দুই যুৱক জয়ন্ত নাথ আৰু জয়ন্ত শৰ্মাই অভব্য আচৰণ কৰি পৰৱৰ্তী সময়ত উলোটাই ঢেকিয়াজুলি আৰক্ষী থানাত ৰূপেশ্বৰ বৰা আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে দিয়ে আক্রমণৰ অভিযোগ। 

ইফালে সুৰাৰ ৰাগীত মাতাল দুই যুৱকৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে গাঁৱৰ মহিলাসকলে। গাঁৱৰ মহিলাসকলৰ অভিযোগ নিশা সুৰাৰ ৰাগীত মাতাল হৈ দুই যুৱকে অঞ্চলটোত চলাই তাণ্ডৱ। সামাজিক অনুষ্ঠানত মদ্যপান কৰি নিশা গাঁৱৰ কালভাৰ্ট আৰু দলঙত বহি নিশা হ'লেই পিশাচৰ দৰে আচৰণ কৰে দুই যুৱক জয়ন্ত নাথ আৰু জয়ন্ত শৰ্মাই।

তাৰোপৰি মহিলা আৰু গাভৰু ছোৱালী দেখিলেই দুই সুৰাপায়ী বন্ধু মিলি নানান অশ্লীল ইংগিত প্ৰদান কৰে। জয়ন্ত নাথ আৰু জয়ন্ত শৰ্মাৰ ভয়ত নিশা হ'লে গাঁৱখনত ওলাব নোৱাৰে গাভৰু ছোৱালী আৰু মহিলা। গতিকে এই ক্ষেত্ৰত স্থানীয় ৰাইজে আৰক্ষীক আহ্বান জনাই যে, অতিশীঘ্রে দুই সুৰাপায়ী যুৱক ক্রমে জয়ন্ত শর্মা আৰু জয়ন্ত নাথক গ্ৰেপ্তাৰ কৰে যেন।

আৰক্ষী