/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/pr.jpg)
ডিজিটেল সংবাদ, চিৰাং : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে চিৰাঙৰ কাজলগাঁৱতো অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি প্ৰতিৰোধ কৰাৰ দাবীত সদৌ সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুয়ে বৃহস্পতিবাৰে দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।
জিলা সদৰ কাজলগাঁৱৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি আমছু কৰ্মী তথা সমৰ্থক সকলে মূল্যবৃদ্ধি ৰোধ কৰক, জীৱনদায়ী ঔষধৰ মুল্য ৰোধ কৰক, যোগান মন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ গো বেক, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰক, আমছু জিন্দাবাদ, আদি ধ্বনিৰে প্ৰতিবাদ স্থলী উত্তাল কৰি তোলে ।
আজিৰ অবস্থান ধৰ্মঘট স্থলীত অংশগ্ৰহণ কৰি জিলা আমছুৰ সভাপতি নাজিৰ আহমেদে কয় যে শেহতীয়াকৈ অসমৰ প্ৰতিখন জিলাত প্ৰতিদিনে নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ যি অভাৱনীয় হাৰে মূল্যবৃদ্ধি হৈছে আৰু তাৰ পৰিপ্ৰেক্ষিতত সৰ্বসাধাৰণ ৰাইজৰ জীয়াতু ভুগিব লগা হৈছে ।
কিন্তু দুৰ্ভাগ্যজনক কথা যে সৰ্বসাধাৰণ ৰাইজক ইতিমধ্যেই জুৰুলা কৰি পেলোৱা মূল্যবৃদ্ধি প্ৰতিৰোধ প্ৰতিৰোধ কথাৰ ক্ষেত্ৰত বিজেপি দলৰ নেতৃত্বতাধীন মিত্ৰজোট চৰকাৰখনে সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ কৰে জিলা আমছুৰ সভাপতি জনে ।আনহাতে ইয়াৰ পিছতো যদি মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে সমগ্ৰ অসমতে ধাৰাবাহিক ভাৱে বিশাল গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব বুলি ছাত্ৰ নেতা জনে সকিয়াই দিয়ে।
আৰু পঢ়ক: তাই সাধকৰ প্ৰতি পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ উপহাস …