বিশ্বনাথত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমছু'ৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী

বিশ্বনাথত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমছু'ৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী
Published on
Updated on

ডিজিটেল সংবাদ, বিশ্বনাথঃ সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন তথা আমছুৰ উদ্যোগত বিশ্বনাথ নগৰত শক্তিমন্ত্রী নন্দিতা গাৰ্লোচাৰ প্রতিমূর্তি দাহ কাৰ্যসূচী।অনিয়মীয়া বিদ্যুৎ যোগান আৰু অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত বিশ্বনাথ নগৰত আমছুৰ বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়।

শক্তি মন্ত্ৰী গৰাকীৰ প্ৰতিমূৰ্তি দাহ কৰা সময়ত আৰুক্ষী আৰু প্ৰতিবাদকাৰী সকলৰ মাজত এক টনা আজুৰা পৰিবেশৰো সৃষ্টি হয়।উল্লেখ যে বিদ্যুৎ বিভাগৰ হেমাহিৰ ফলত বিগত কেবাদিনো প্ৰচণ্ড গৰমত যমৰ যাতনা ভূগিছে বৃহত্তৰ বিশ্বনাথবাসীয়ে।২৪ঘণ্টাই বিদ্যুৎ যোগান নিশ্চিত কৰাৰ বিজেপিৰ আশ্বাস একপ্ৰকাৰ ফুটুকাৰ ফেনত পৰিণত হৈছে।

বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত সবাতোকৈ সমালোচিত বিভাগটোৱেই হৈছে বিদ্যুৎ বিভাগ।শৈশৱত শিশুৰ লুকা ভাকু  খেলৰ দৰেই কেবাদিনো বিদ্যুতৰ লুকা ভাকুত অতিষ্ঠ জনতা।প্ৰায় ২০/২৫ মিনিটৰ অন্তৰে অন্তৰে বিদ্যুৎ কৰ্তন কৰি উপভোক্তাক এক প্ৰকাৰ আতিশয্য চলাইছে নিজ কৰ্তব্য পালনত ব্যৰ্থ বিভাগটোৱে।সম্প্ৰতি বিশ্বনাথৰ প্ৰায় প্ৰতিগৰাকী  উপভোক্তাই  বিদ্যুত বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে।

আনকি মুকলিকৈ বিভাগটোক সমালোচনা কৰি ব্যৰ্থতাৰ অভিযোগ তুলিছে।বিদ্যুৎ বিভাগে নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰাত ব্যৰ্থ হোৱাৰ বাবে  সাধাৰণ ৰাইজে বহু দোৰ্ভোগ ভোগাৰ লগতে ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ী প্ৰতিষ্ঠান  সমূহে লোকচান ভৰিব লগা হৈছে। ৱেলডিং গেৰেজৰ পৰা আৰম্ভ কৰি মবাইল মেৰামতি,ই ৰিক্সা চালকসকল  ভীষণ অসুবিধাৰ সন্মুখীন হৈছে।বেকাৰী জাতীয় প্ৰতিষ্ঠানতো বিদ্যুতৰ অনুয়মীয়া যোগানৰ বাবে সামগ্ৰী প্ৰস্তুত কৰিব নোৱাৰা হৈছে।

বিশ্বনাথ নিয়মীয়াকৈ বিদ্যুৎ যোগানৰ পৰা বঞ্চিত হৈ বহু লোক ক্ষোভিত হৈ পৰিছে। সাধাৰণ জনতাৰ প্ৰশ্ন - প্ৰতি মাহে নিয়মীয়াকৈ বিদ্যুতৰ বিল পৰিশোধ কৰাৰ পিছতো বিদ্যুত বিভাগে উপভোক্তাক কিয় নিয়মীয়াকৈ বিদ্যুত যোগান ধৰিব পৰা নাই। সাধাৰণ বতাহ আৰু অলপ বৰষুণ দিলেই বিদ্যুত বিভাগৰ কৰবাত তাঁ‌ৰ চিঙে,কৰবাত চৰ্ট চাৰ্কেট হয়,কিমান দিন এইদৰে বিশ্বনাথত উপভোক্তা হাৰাশাস্তি ভোগ কৰিব সেয়া আজিৰ তাৰিখত উত্তৰবিহীন প্ৰশ্ন।যাৰ বাবে বিশ্বনাথত আজি আমছুয়ে বিদ্যুত বিভাগৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহন কৰাৰ লগতে আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও তীব্ৰ সমালোচনা কৰে বিদ্যুত বিভাগৰ।

বিশ্বনাথত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে আমছু'ৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী
গহপুৰত 'আকাশ' উপ-সমিতিৰ উদ্যোগত সাহিত্যনুষ্ঠান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in