অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ গভীৰ ষড়যন্ত্ৰৰ জাল মোডী বাহিনীৰ: আপ

চি বি আইৰ জৰিয়তে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ এক বৃহৎ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপিয়ে।

author-image
Asomiya Pratidin
New Update
অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ গভীৰ ষড়যন্ত্ৰৰ জাল মোডী বাহিনীৰ: আপ

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

ডিজিটেল ডেস্কঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ইণ্ডিয়া এলায়েন্সৰ আম আদমি পাৰ্টী আৰু কংগ্ৰেছৰ মাজত আসন বুজাবুজিৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে চি বি আইৰ জৰিয়তে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ এক বৃহৎ ষড়যন্ত্ৰ ৰচনা কৰিছে বিজেপিয়ে। এক সংবাদমেলযোগে এই কথা সদৰি কৰিছে আপ অসমৰ নেতৃত্বই।

Advertisment

আপৰ গনেশগুৰিস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয় অনুষ্ঠিত সংবাদমেলখনত জ্যেষ্ঠ মুখপাত্ৰ অনুৰূপা ডেকিৰজাই কয় যে যোৱা দিনবোৰত আম আদমি পাৰ্টী ইণ্ডিয়া এলায়েন্সত থাকিব নে নাই, সেই কথা স্পষ্ট নোহোৱাত বিজেপি আনন্দিত হৈ আছিল। কিন্তু যোৱা দুদিনত কংগ্ৰেছ আৰু আপৰ মাজত সফল আসন বুজাবুজিৰ বাতৰি প্ৰকাশ হৈছে। দুই-এদিনতে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰাৰ সম্ভাৱনা আছে।

কংগ্ৰেছ আৰু আপৰ মাজত আসন বুজাবুজিৰ বাতৰিয়ে বিজেপিৰ ভিতৰচ'ৰাত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। সেয়ে এতিয়া বিজেপিয়ে বিৰোধী ঐক্যক ভংগ কৰিবৰ বাবে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। আমি এই ষড়যন্ত্ৰ ফাদিল কৰিবলৈ এই সংবাদমেলৰ আয়োজন কৰিছো।

আমি সকলোৱে জানো যে যোৱা দুবছৰে মোডী ডাঙৰীয়াই দিল্লীৰ ভুৱা সুৰা কেলেংকাৰীৰ তদন্তৰ নামত ই ডি আৰু চি বি আইক অৰবিন্দ কেজৰিৱালৰ পিছত লগাই থৈছে। কংগ্ৰেছ আৰু আপৰ আসন বুজাবুজিৰ বাতৰি প্ৰকাশ হোৱাৰ পাছতে আপৰ কেবাজনো জ্যেষ্ঠ নেতাই বিভিন্নজনৰ পৰা মেছেজ পাইছে যে আপে যদি ইণ্ডিয়া এলায়েন্সৰ পৰা আঁতৰি নাহে তেন্তে চি বি আইৰ জৰিয়তে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা হ'ব।

যোৱা দুই বছৰত ১০০০তকৈ অধিক তালাচী চলোৱা হ'ল, ই ডিয়ে ৭খন জাৰি কৰিলে, চি বি আয়ে কেবাখনো ন'টিচ জাৰি কৰিলে, চি বি আয়ে অৰবিন্দ কেজৰিৱালক ৯ ঘণ্টা সোধ-পোছ কৰিলে, কিন্তু চি বি আই বা ই ডি কোনো এটা সংস্থাই এটকাও নাপালে বা কোনো নিৰ্ভৰযোগ্য প্ৰমাণ নাপালে।

ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ দলবোৰৰ মাজত সফলভাৱে আলোচনা সমাপ্ত হোৱাৰ বাবে ২০২৪ৰ লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ ভয়ে মোডী ডাঙৰীয়াক অস্থিৰ কৰি তুলিছে। আমি ক'বলৈ বিচাৰিছোঁ যে এই প্ৰেক্ষাপটত পৰৱৰ্তী ১ বা ২ দিনৰ ভিতৰত CrPCৰ Section 41Aৰ অধীনত চি বি আয়ে ন'টিচ জাৰি কৰিব আৰু ইয়াৰ দুই এদিনৰ পাছতে চি বি আই আৰু ই ডি দুয়োটা সংস্থাই অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিব।

সংবাদমেলত লগতে কয় যে আপে যদি ইণ্ডিয়া এলায়েন্সৰ পৰা আঁতৰি আহে তেন্তে চি বি আয়ে কোনো ন'টিচ নপঠিয়ায় বা অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ নকৰে। কিন্তু আমি স্পষ্ট কৰি দিওঁ যে আপ এনে এটা দল যিয়ে মোডী ডাঙৰীয়াক ভয় নকৰে বা চি বি আই-ই ডিৰ দৰে সংস্থাবোৰক ভয় নকৰে। আপে দেশৰ জনতাৰ বাবে যুঁজ কৰি যাব। যি পৰিস্থিতিয়ে নাহক কিয়, আপ ইণ্ডিয়া এলায়েন্সৰ অংশীদাৰ হৈ থাকিব।

Also Read: প্ৰতিবাদত মৃত্য়ু কৃষকৰ পৰিয়াললৈ পঞ্জাৱ চৰকাৰৰ ১ কোটি টকা আৰু চৰকাৰী চাকৰি

aap lok sabha bjp