সদৌ অসম কোচঁ-ৰাজবংশী সন্মিলনীৰ ৰে’ল পথ অৱৰোধ

সহস্ৰাধিক প্ৰতিবাদকাৰীৰ শ্ৰীৰামপুৰত ৰে’ল পথ অৱৰোধ

author-image
Asomiya Pratidin
New Update
সদৌ অসম কোচঁ-ৰাজবংশী সন্মিলনীৰ ৰে’ল পথ অৱৰোধ

ডিজিটেল ডেস্ক : ৰবিবাৰে ৰাতিপুৱা ৰাজ্যৰ কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ ৰে’ল পথ অৱৰোধ কৰে সদৌ অসম কোঁচ-ৰাজবংশী সন্মিলনীৰ প্ৰায় সহস্ৰাধিক দলীয় কৰ্মীয়ে । কোঁচ-ৰাজবংশী জনগোষ্ঠীক অনুসূচিত জনজাতি ৰূপে ঘোষণা কৰিবলৈ দাবী কৰি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হয় বুলি জানিবলৈ দিয়ে দলটোৰ শীৰ্ষ ববীয়াই ।

Advertisment

আনহাতে, জিলা প্ৰশাসনে ইতিমধ্যেই কোনো ধৰণৰ অপ্ৰত্যাশিত ঘটনা নঘটিবলৈ প্ৰতিবাদস্থলীত মোতায়েন কৰিছে বৃহৎ সংখ্যক আৰক্ষী আৰু অৰ্ধ-সামৰিক বিষয়া ।

উল্লেখ্য যে, সুদীৰ্ঘ ৬টা দশক ধৰি কোঁচ-ৰাজবংশী লোক সকলে দাবী কৰি আহিছে অনুসূচীত জনজাতিকৰণৰ বাবে । অৱশ্যে ১৯৯৬ চনৰ বিধান সভা নিৰ্বাচনৰ পাছতহে এই প্ৰতিবাদে অধিক সমৰ্থন লাভ কৰিবলৈ আৰম্ভ কৰে । সেই সময়ৰ কেন্দ্ৰৰ নৰসিংহ ৰাওৰ চৰকাৰে এই দাবী প্ৰাৰম্ভিক পৰ্যায়ত বিবেচনা কৰিছিল যদিও পৰৱৰ্তী সময়ত সদনত ইয়াৰ সমৰ্থনত গৰিষ্ঠতা লাভ নকৰাৰ বাবে ফলপ্ৰসূ নহয় এই বিবেচনা ।  

assam kokrajhar