আই শান্তি সতী ৰাধিকা স্মৰণ দিৱস পালন…

আই শান্তি সতী ৰাধিকা স্মৰণ দিৱস পালন…

author-image
asomiyapratidin
New Update
আই শান্তি সতী ৰাধিকা স্মৰণ দিৱস পালন…

ডিজিটেল সংবাদ ঢকুৱাখনা:  অসমৰ ভূমিপুত্ৰ কৈৱৰ্ত  জাতিৰ সমাজ জীৱনক সজাগতা, সচেনতা , আৰু প্ৰগতিশীল চিন্তা চেতনাৰে গতিশীলতা আনিবলৈ নিৰিবিচ্ছিন্ন প্ৰয়াস চলাই আহিছে কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ- অসমে । কৈৱৰ্ত জাতিৰ ইতিহাস ঐতিহ্যৰ অন্বেষণ আৰু উপস্থাপন, জাতীয় নমস্য  ব্যক্তি, মহীয়সী নাৰী  সকলক শ্ৰদ্ধা আৰু স্মৰণ কৰাৰ দৰে মহৎ লক্ষ্য আৰু উদ্দেশ্যৰে বিভিন্ন সময়ত বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি অহা কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ- অসমৰ উদ্যোগত  সোমবাৰে লখিমপুৰ জিলাৰ সনাতন গাওঁৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সনাতন গাঁওৰ ৰাইজৰ সহযোগত  কৈৱৰ্ত কুল গৌৰৱ, মহাসতী আই শান্তি সতী ৰাধিকাৰ স্মৰণ দিৱস উপলক্ষে  ভিন্ন কাৰ্য্যসূচীৰে এক মনোজ্ঞ অনুষ্ঠান  অনুষ্ঠিত  কৰা হয়।

Advertisment

বতৰৰ প্ৰতিকূলতাকো  নেওঁচি  ৰাইজ আৰু বিশিষ্ট ব্যক্তিবর্গৰ উপস্থিতিত এক  আড়ম্বৰপূর্ণ  অনুষ্ঠানত প্ৰথমে সনাতন গাওঁৰ বিদূষী মহিলা জয়মতী দাসৰ দ্বাৰা কৈৱৰ্ত জাতি আৰু নাৰী সমাজক  গৌৰাম্বিত কৰা  "আই শান্তি সতী ৰাধিকা"ক স্মৰণ কৰি তেখেতৰ প্ৰতিছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুস্পার্ঘ্যৰে স্মৃতি তৰ্পন কৰা হয । সনাতন গাওঁৰ আই সমাজৰ  শ্ৰুতিমধুৰ  দিহা নামেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত  ড০  আম্বেদকাৰ দলিত সাহিত্য বঁটা প্ৰাপক আঠাকটীয়া গাওঁৰ বিশিষ্ট ব্যক্তি, কৃৰ্তী শিক্ষক  চন্দ্র নাথ দাসে  পৌৰহিত্য কৰা স্মৃতি চাৰণ ও সম্বৰ্ধনা সভাত উপস্থিত বিশিষ্ট আৰু বয়োজেষ্ঠ্য  ব্যক্তি সকলক সম্বৰ্দ্ধনা জনোৱা  হয়।

বিশিষ্ট অতিথি হিচাবে নাট্যকাৰ ,অভিনয় শিল্পী,উপন্যাসিক, ঢকুৱাখনাৰ  নৱজ্যোতি দাস, কৃৰ্তী শিক্ষক সমাজকৰ্মী  সত্য নাথ দাস, সনাতন গাওঁৰ  সমাজকৰ্মী উদ্যমী ব্যক্তি তথা  জিলা মইনা পাৰিজাতৰ সম্পাদক পূৰ্ণানন্দ দাস,  সমাজকৰ্মী তথা গাওঁ পৰিচালনা সমিতিৰ সম্পাদক অজয় দাস, সমাজকৰ্মী আৰু কৃষি  বিষয়া  বিজয় দাস, জিলা কোষাগাৰৰ কৰ্মচাৰী সত্যবান  দাস, আৱকাৰী  বিষয়া  চিত্তৰঞ্জন দাস, বছাঁগাওঁৰ বিশিষ্ট সমাজকৰ্মী  ৰঞ্জিত হাজৰিকা, কবি, শিক্ষক দ্বীপেন দাস, ৫ নং বাৰ্ডৰ ৱাৰ্ড সদস্যা জ্যোতি দাস, পানীগাওঁ আঞ্চলিক পঞ্চায়তৰ সদস্যা  প্ৰতিমা দাসৰ উপৰিও ডেৰ শতাধিক ৰাইজৰ উপস্থিতিত  স্মৃতিচাৰণ সভাখন উজ্জীৱিত হৈ পৰে।

গাম্ভীৰ্যপূৰ্ণ সভাতেই কৈৱৰ্ত জাতিৰ বৌদ্ধিক, সামাজিক, সাংস্কৃতিক  আৰু আধ্যাত্মিক ক্ষেত্রখনলৈ  মেটমৰা অৱদান  আগবঢ়োৱা  ঢকুৱাখনাৰ সু লেখিকা, সমাজ হিতৈষী মহিলা  তুলসীপ্ৰভা দাস, বছাঁগাওঁৰ বিশিষ্টা সমাজকৰ্মী  অমিয়া দাস, আঠাকটীয়া গাওঁৰ সমাজকৰ্মী, লেখিকা  দিপাঞ্জলী দাস,  সমাজকৰ্মী ,লেখিকা তথা শিশু সুৰক্ষা বিষয়া  প্লাৱিতা দাস, কপহুৱা গাওঁৰ সমাজকৰ্মী আধ্যাত্মিক মহিলা  ভনীমাই দাসকে প্ৰমুখ্য কৰি পাঁচ গৰাকী সমাজ হিতৈষী মহিলাক  সমাজ খনলৈ আগবঢ়োৱা বৰেণ্য অৱদানৰ বাবে গামোচা আৰু মানপত্র প্ৰদান কৰি সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়।

বচাগাঁওৰ আই মাতৃ  আৰু সনাতন গাঁৱৰ আই মাতৃ সকলৰ দিহা নাম, টকা বিহুৰ দল, সমন্বয় সাংস্কৃতিক দল, আঠাকটীয়া গাঁৱৰ মহিলা সকলৰ বিয়া নামৰ লগতে কেইগৰাকী উদীয়মান প্ৰতিভাবান কলা কুশলীয়েও নিজৰ কলা আৰু মনোগ্ৰাহী সাংস্কৃতিক অনুষ্ঠান পৰিবেশন আৰু প্ৰদৰ্শন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে । স্বগোষ্ঠীয় ৰাইজৰ স্বতঃস্ফুট উপস্থিতিয়ে  স্মৃতিচাৰণ সভাখন সাফল্য মণ্ডিত কৰাৰ বাবে উদ্যোগক্তা সকলে কৃতজ্ঞতা যাচি  আগন্তুক বৰ্ষত এই অনুষ্ঠান ভাগ আড়ম্বৰপূর্ণ ভাৱে সমস্ত লখিমপুৰ জিলাৰ কৈৱৰ্ত ৰাইজৰ সহযোগিতাত জিলা সদৰৰ ত্যাগ ক্ষেত্রত বৰ্ণিল কাৰ্যসূচীৰে  পালন কৰিব বুলি কৈৱৰ্ত নৱজাগৰণ সাহিত্য আৰু সামাজিক মঞ্চ অসমৰ ব্যৱস্থাপকদ্বয় কিৰণ দাস আৰু নয়নমণি দাসে সভাত অৱগত কৰে ।

ক্লিক কৰি পঢ়কঃ ভেন্টিলেটৰত বৰ্ষীয়ান বিজেপি নেতা নৰেন্দ্ৰ কুমাৰ চক্ৰৱৰ্তী…