নিশা তিতাবৰত বনৰীয়া হাতীৰ তাণ্ডৱ...

লণ্ডভণ্ড কৰিলে মানুহৰ বাসগৃহ

author-image
Asomiya Pratidin
New Update
নিশা তিতাবৰত বনৰীয়া হাতীৰ তাণ্ডৱ...

ডিজিটেল সংবাদ, তিতাবৰ : নিশা খাদ্য সন্ধানত ওলাই অহা বন্যহস্তীৰ এটা জাকে দীৰ্ঘদিন ধৰি তিতাবৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাই আহিছে। কালি নিশাৰ ভাগতো গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা হাতীৰ জাকটোৱে তিতাবৰ চামগুৰি অঞ্চলৰ লেটেকুগাওঁত বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বহু মূল্যবান সম্পত্তিৰ অনিষ্ট কৰে।

উল্লেখ্য যে প্ৰতিবছৰে  তিতাবৰত হাতীৰ আক্ৰমণত জনসাধাৰণৰ ব্যাপক ক্ষতি কৰাৰ উপৰিও মানুহে অকাল মৃত্যুক আঁকোৱালি লোৱাৰ পাছতো বনৰীয়া হাতীৰ নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ বনবিভাগ।

আনহাতে, যোৱা নিশা কলিয়াবৰতো ৬টা কৈ বন্য হস্তীৰ এটি দলে উপদ্ৰৱ চলাই বহু কেইটা বাসগৃহত । গোৱালপাৰাতো দহিকটা মধ্য ইংৰাজী বিদ্যালয়ৰ শ্ৰেণীকোঠা ভাঙে বনৰীয়া হাতীয়ে । প্ৰশ্ন হয়, বন্য হস্তীৰ উপদ্ৰৱ আৰু হাতী-মানুহৰ সঘন সংঘাতে এনে বিষম ৰূপ লোৱাৰ পাছতো বন বিভাগৰ নিৰৱ কিয় ?

goalpara Kaliabar wild elephant titabar