/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/governing-body.jpg)
ডিজিটেল ডেস্ক : অহা তিনিটা বছৰৰ কাৰ্যকালৰ বাবে ঘোষণা কৰা হ'ল জে বি আইন মহাবিদ্যালয়ৰ গভৰ্ণিং বডীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধিৰ দল । এই দলটি গঠন কৰা হয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অংকশাস্ত্ৰ বিভাগৰ অধ্যাপক ড: হেমন্ত কুমাৰ শৰ্মা, আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ সহকাৰী অধ্যাপক ৰাহুল এছ মজুমদাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত এডভ'কেট জেনেৰেল পাৰান্মগাম গোস্বামী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্য্যবাহী পৰিষদৰ সদস্যা ড: ৰুমা বৰদলৈৰ অন্তৰ্ভূক্তিৰে ।
জে বি আইন মহাবিদ্যালয়ৰ অধ্যক্ষলৈ প্ৰেৰণ কৰা এখনি পত্ৰৰ যোগে এই কথা জনায় গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড: হেমন্ত কুমাৰ নাথে ।
আৰু পঢ়ক : বিধায়ক পদ খাৰিজ, পদত্যাগ কৰিব লাগিব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেণে