যা ছাগলী যা, এই চিঠি মালিকক দে গৈ যা...

যা ছাগলী যা, এই চিঠি মালিকক দে গৈ যা...
Published on
Updated on

ডিজিটেল ডেস্ক : হেডছাৰৰ ভীষণ খং ! অতিষ্ঠ হৈ হেডছাৰে লিখিলে এখন জাননী। জাননী নহয়, ঠিক চিঠিও বুলিব পাৰি এইখনক।

হেডছাৰে চিঠি বা জাননী যি বোলক এইখন সম্বোধন কৰিলে শ্ৰদ্ধাৰ মালিক বুলি। তাৰ পাছত যোগাৰ কৰিলে চেলো টেপ, সেই টেপৰ সহায়তে এজনী বগী ছাগলীৰ পিঠিত চিঠিখন ধুনীয়াকৈ লগাই এৰি দিলে ছাগলীজনী।

চিঠিখনত তেঁও লিখিছিল- শ্ৰদ্ধাৰ মালিক/ আপোনাৰ ছাগলীজনীয়ে বিদ্যালয়ৰ কিছু গছপুলি খাই অনিষ্ট কৰিছে। আজিলৈ এৰিছো। ইয়াৰ পাছত সহ্য নকৰো। এনেকৈ তিনিটা শাৰীৰ এই চিঠি লিখি ছাগলীজনীৰ জৰিয়তে ছাগলীৰ মালিকলৈ সতৰ্কবাণী প্ৰেৰণ কৰিলে হেডছাৰে।

১২ ছেপ্তেম্বৰ ২০২৪ত এই কাম কৰিলে ধেমাজি জিলাৰ দক্ষিণ বৰদলনী অনুসূচিত জাতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে। ছাগলীজনীয়ে প্ৰায়ে বিদ্যালয়ৰ চৌহদত সোমাই গছ-বন খাই অনিষ্ট কৰাত অতিষ্ঠ হৈ এইদৰে পত্ৰযোগে ছাগলীৰ জৰিয়তে সতৰ্কবাণী প্ৰেৰণ কৰা কাৰ্যই অঞ্চলটোত যথেষ্ট আমোদৰো সৃষ্টি কৰিলে। বহুতে প্ৰধান শিক্ষকজনৰ এই বুদ্ধিমত্তাক একেমুখে শলাগিলে।

অসমৰ প্ৰায়বোৰ বিদ্যালয়তে গৰু- ছাগলী চৌহদত সোমাই চৌহদৰ মূল্যৱান গছ-বন খাই অনিষ্ট কৰে। এইধৰণৰ সমস্যাৰ সমাধানৰ বাবে এয়া এক শালীনতাৰে লিখা সতৰ্কবাণীযুক্ত ইতিবাচক বাৰ্তা। এই প্ৰধান শিক্ষকগৰাকীয়ে গ্ৰহণ কৰা পদক্ষেপ আন বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলেও অনুকৰণ কৰিব পাৰে।

যা ছাগলী যা, এই চিঠি মালিকক দে গৈ যা...
সোণাপুৰৰ ট্ৰাইবেল বেল্টৰ ভূমিলৈ ক'ৰ পৰা কেনেকৈ আহিছিল সন্দেহযুক্ত নাগৰিক?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in