ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত ৰাইডঙীয়াত বিশেষ অনুষ্ঠান

ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত সমগ্ৰ দেশতে সোমবাৰৰে পৰা ১৩ জুনলৈ "কৃষি ঋণ সজাগতা সপ্তাহ" অনুষ্ঠিত হৈছে। বেংকটোৰ খুটিকটীয়া শাখা কাৰ্যালয়ৰ উদ্যোগত বটদ্ৰৱাৰ ৰাইডঙীয়াত সোমবাৰে "জানক বুজক আৰু আগবাঢ়ি যাওঁক" শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত ৰাইডঙীয়াত বিশেষ অনুষ্ঠান

ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত ৰাইডঙীয়াত বিশেষ অনুষ্ঠান

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভাৰতীয় ষ্টেট বেংকৰ উদ্যোগত সমগ্ৰ দেশতে সোমবাৰৰে পৰা ১৩ জুনলৈ "কৃষি ঋণ সজাগতা সপ্তাহ" অনুষ্ঠিত হৈছে। বেংকটোৰ খুটিকটীয়া শাখা কাৰ্যালয়ৰ উদ্যোগত বটদ্ৰৱাৰ ৰাইডঙীয়াত সোমবাৰে "জানক বুজক আৰু আগবাঢ়ি যাওঁক" শীৰ্ষক এটি অনুষ্ঠান অনুষ্ঠিত হয়।

Advertisment

কৃষাণ ক্ৰেডিট কাৰ্ড সময়মতে নবীকৰণ কৰা, কৃষকৰ আৰ্থ সামাজিক উন্নয়ন কৰা, ভাৰতীয় ষ্টেট বেংক আৰু গ্ৰাম্যাঞ্চলৰ ৰাইজৰ মাজত সমন্ধ সুদৃঢ় কৰাৰ লক্ষ্যৰে "কৃষি ঋণ সজাগতা সপ্তাহ" শীৰ্ষক অনুষ্ঠানটিত ৰাইডঙীয়া, চকলাঘাট, নসত্র, আইভেটি, হাতীযুজুৱা আদি বিভিন্ন অঞ্চলৰ প্ৰগতিশীল কৃষক আৰু উদ্যমী সকলৰ সৈতে মত বিনিময় আৰু ঋণ অনুমোদন পত্ৰ অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটিত উপস্থিত থাকি ভাৰতীয় ষ্টেট বেংকৰ কৰ্পৰেট কেন্দ্ৰ মুম্বাইৰ চৰকাৰী পৃষ্ঠপোষকতা কৰা আঁচনি কৃষি ব্যবসায়ীক ইউনিটৰ সহায়ক মহাপ্ৰৱন্ধক ৰাজেন্দ্ৰ মহেকাৰে "আমাৰ সমাজৰ মূল চালিকা শক্তি কৃষক সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে প্ৰগতিশীল কৃষক আৰু উদ্যমী সকলক উৎসাহিত কৰিবলৈ এই অনুষ্ঠানটি আয়োজন কৰি আজি ভাৰতীয় ষ্টেট বেংক আপোনালোকৰ পদূলিত আহি উপস্থিত হৈছে" বুলি মন্তব্য প্ৰদান কৰে। 

অনুষ্ঠানত আৰম্ভণি ভাষণ প্ৰদান কৰি ভাৰতীয় ষ্টেট বেংকৰ খুটিকটীয়া শাখাৰ মুখ্য প্ৰৱন্ধক কমল যোশীয়ে কৰে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য। "সমাজৰ সকলো স্তৰৰ লোকৰ বাবে ভাৰতীয় ষ্টেট বেংক বিশেষ সেৱা উপলব্ধ। চাকৰিয়াল, ব্যবসায়ী লগতে কৃষক সকলৰ বাবেও ভাৰতীয় ষ্টেট বেংকৰ বহু সুবিধা উপলব্ধ। এই সকলোবোৰ সুবিধাৰ বিষয়ে গ্ৰাম্যাঞ্চলৰ কৃষক সকলক সজাগতা সৃষ্টিৰ বাবে এই অনুষ্ঠান অনুষ্ঠিত হৈছে" বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে।

ইয়াৰ পাছতে ভাৰতীয় ষ্টেট বেংকৰ ক্ষেত্ৰীয় প্ৰশাসনিক কাৰ্য্যালয়ৰ ক্ষেত্ৰ প্ৰৱন্ধক পল্লবী শৰ্মাই উপস্থিত কৃষক সকলৰ লগত মত বিনিময় কৰে। অনুষ্ঠানত অংশ গ্ৰহণ কৰি ভাৰতীয় ষ্টেট বেংকৰ কৃষি ব্যবসায়ীক ইউনিট গুৱাহাটী চাৰ্কলৰ সহকাৰী মহাপ্ৰবন্ধক ডেভিদ লাওভম, ভাৰতীয় ষ্টেট বেংকৰ স্থানীয় প্ৰধান কাৰ্য্যালয় গুৱাহাটীৰ ক্ষুদ্ৰ ঋণ বিভাগৰ মুখ্য প্ৰবন্ধক চংথাম চনচন, খাগৰিজান উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া কৃষ্ণ শইকীয়াকে আদি কৰি কেইবাগৰাকীও ব্যক্তিয়ে ভাষণ প্ৰদান কৰে। অনুষ্ঠানটিত ভাৰতীয় ষ্টেট বেংকৰ তৰফৰ পৰা কেইবাগৰাকী কৃষক আৰু উদ্যমীক ঋণ অনুমোদন পত্ৰ প্ৰদান কৰা হয়। দীপজ্যোতি ডেকাই আঁত ধৰা অনুষ্ঠানটিত ৰাইডঙীয়া শ্ৰীমন্ত শংকৰদেৱ প্ৰাৰ্থমিক বিদ্যালয় আৰু সোনাই নদী উত্তৰ আঞ্চলিক জাগৰণ সাংস্কৃতিক গোষ্ঠীৰ তৰফৰ পৰা ভাৰতীয় ষ্টেট বেংকৰ বিষয়া সকলক গামোছাৰে সম্বৰ্ধনা জনোৱা হয়

sbi service sbi