বিহালী অভয়াৰণ্যৰ ডিকালত নিশা মাৰণাস্ত্ৰসহ এজন চোৰাংকাৰী আটক...

বিহালী অভয়াৰণ্যত বৰগাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ ডিকাল বীটৰ ওচৰত বন বিভাগৰ হাতত টু নট্ টু বন্দুক আৰু দুই জাঁই গুলীসহ নাবাম নাগে নামৰ চোৰাং চিকাৰীক আটক।

author-image
Tushar Pratim
New Update
বিহালী অভয়াৰণ্যৰ ডিকালত নিশা মাৰণাস্ত্ৰসহ এজন চোৰাংকাৰী আটক...

ডিজিটেল সংবাদ বিহালীঃ বিহালী অভয়াৰণ্যত বন বিভাগৰ হাতত বন্দুকসহ এটা অৰুণাচলী চোৰাং চিকাৰী আটক হয়৷ বিহালী অভয়াৰণ্যত বৰগাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ ডিকাল বীটৰ ওচৰত বন বিভাগৰ লোকে টু নট্ টু বন্দুক আৰু দুই জাঁই গুলীসহ নাবাম নাগে নামৰ এগৰাকী চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হয়৷

Advertisment

জানিব পৰা মতে, বন বিভাগৰ নিয়মীয়া তালাচীৰ সময়ত চোৰাং চিকাৰীৰ সম্ভেদ পাই দলটোৱে কৌশলেৰে চিকাৰী জনক ৰ’বলৈ নিৰ্দেশ দিয়ে যদিও চিকাৰীজনে গুলী চলাবলৈ উদ্যত হয় আৰু পলাবলৈ চেষ্টা কৰে যদিও বন বিভাগে আটক কৰি বৰগাং বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ লৈ আনে। চিকাৰী জনে এটা বন গাহৰী হত্যা কৰি কান্ধত লৈ আনিছিল৷

আজি মৃত বনগাহৰীটো বিহমাৰী পশু চিকিৎসালয়ৰ চিকিৎসকে মৰোণত্তৰ পৰীক্ষা কৰে। পূৱ শোণিতপুৰ বন সংমণ্ডলৰ বিষয়াৰ উপস্থিতিত চোৰাং চিকাৰী গৰাকীক বিশ্বনাথ ন্যায়িক দণ্ডাধীশৰ আদালতলৈ প্ৰেৰণ কৰে৷

চোৰাং চিকাৰী বিহালী