/asomiyapratidin/media/media_files/2024/11/21/U2ZABFCDTor8CDpLMwwZ.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্ক, প্ৰতিক্ৰিয়াৰ মাজতে কৰিমগঞ্জ জিলাৰ নাম সলনি সন্দৰ্ভত জাৰি হ'ল অধিসূচনা। ২১ নৱেম্বৰ, ২০২৪ ত অসম চৰকাৰৰ সাধাৰণ প্ৰশাসনিক বিভাগৰ প্ৰধান সচিব মুকেশ চাহুৱে এই সন্দৰ্ভত চৰকাৰী অধিসূচনা জাৰি কৰিলে।
উল্লেখ্য যে, কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি কৰা হৈছে। ১৯ নৱেম্বৰ, ২০২৩ ত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি জিলাখনৰ নাম সলনি কৰা হৈছে।
কেবিনেটৰ এই সিদ্ধান্তৰ পাছতে আজি জাৰি কৰা হৈছে এই অধিসূচনা। এতিয়াৰে পৰা কৰিমগঞ্জ জিলা চৰকাৰী ভাৱে শ্ৰীভূমি হিচাপে পৰিচিত হ'ব।
/asomiyapratidin/media/media_files/2024/11/21/NfGfRmGPJO6nZAc9zL9F.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us