বিশ্বৰ ভিন্ন প্ৰান্তৰ ২৫০ গৰাকী মহিলাৰ মাজত জিলিকিল এগৰাকী অসমীয়া

আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে অসমৰ বৈদেহী কলিতাৰ লগতে ভিন্ন প্ৰান্তৰ ২২ গৰাকী সক্ৰিয়, কৰ্মোদ্যোগী মহিলাক সন্মানিত কৰা হয়
বিশ্বৰ ভিন্ন প্ৰান্তৰ ২৫০ গৰাকী মহিলাৰ মাজত জিলিকিল এগৰাকী অসমীয়া

ডিজিটেল ডেস্কঃ আন্তৰ্জাতিক নাৰী দিৱসৰ শুভ ক্ষণত অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে তেজপুৰৰ কন্যা বৈদেহী কলিতাই। বিশ্বৰ ভিন্ন প্ৰান্তৰ ২৫০ গৰাকী মহিলাৰ মাজৰ পৰা ২২ গৰাকী কৰ্মোদ্যোগী মহিলাক Inspirational Women বঁটাৰে বহুজাতিক কোম্পানী এটাই সন্মান জনায়।

এইসকলৰ ভিতৰত একমাত্ৰ অসমীয়া হৈ জিলিকি উঠে বৈদেহী কলিতা। আন্তৰ্জাতিক মহিলা দিৱস উপলক্ষে অসমৰ বৈদেহী কলিতাৰ লগতে ভিন্ন প্ৰান্তৰ ২২ গৰাকী সক্ৰিয়, কৰ্মোদ্যোগী মহিলাক সন্মানিত কৰা হয়।

বহুজাতিক কেমিকেল কোম্পানী এটাৰ ডেভেলপমেণ্ট মেনেজাৰ হিচাপে কৰ্মৰত বৈদেহীক জনোৱা হৈছে বিশেষ সন্মান। উল্লেখ্য যে বৈদেহীয়ে প্ৰতিভা বিকাশত তেওঁৰ ভূমিকাৰ উপৰিও আন্তৰ্জাতিক মহিলা বিকাশৰ বাবে সমগ্ৰ বিশ্বতে মহিলাৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

বিশ্বৰ ভিন্ন প্ৰান্তৰ ২৫০ গৰাকী মহিলাৰ মাজত জিলিকিল এগৰাকী অসমীয়া
ঢকুৱাখনাত বিত্তীয় প্ৰবঞ্চনাৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in