কাঠৰ দলং ভাগি তলত সৰি পৰিল মটৰচাইকেলসহ আৰোহী

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বেংতলত সোমবাৰে বিয়লি ভাগত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এক নং বেংতল আৰু দুই নং বেংতল সংযোগী বিৰিঞ্চি নৈৰ ওপৰত থকা কাঠৰ দলং হঠাতে ভাগি পৰাত এখন মটৰচাইকেলসহ আৰোহী নৈত সৰি পৰে

author-image
Asomiya Pratidin
New Update
কাঠৰ দলং ভাগি তলত সৰি পৰিল মটৰচাইকেলসহ আৰোহী

দলং ভাগি মটৰচাইকেলসহ সৰি পৰিল আৰোহী

ডিজিটেল সংবাদ, চিৰাংঃ চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বেংতলত সোমবাৰে বিয়লি ভাগত এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় । এক নং বেংতল আৰু দুই নং বেংতল সংযোগী বিৰিঞ্চি নৈৰ ওপৰত থকা কাঠৰ দলং হঠাতে ভাগি পৰাত এখন মটৰচাইকেলসহ আৰোহী নৈত সৰি পৰে ।

Advertisment

কথমপি প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হয় মটৰচাইকেল আৰোহীজন ।পিছত স্থানীয় লোকে তৎপৰতাৰে মটৰচাইকেল আৰোহী জনক উদ্ধাৰ কৰে ।গুৰুত্বপূৰ্ণ পথছোৱাৰ এই পুৰণি জৰাজীৰ্ণ কাঠৰ দলঙখন এইদৰে ভাগি পৰাত পথছোৱাৰ যাতায়াত বিঘ্নিত হৈ পৰিছে ।

দলং ভাগিল
দলং ভাগিল

দলঙখন হঠাতেই ভাগি পৰাত অঞ্চলটোৰ সাধাৰণ ৰাইজৰ লগত স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলে বিপদজনকভাৱে যাতায়ত কৰিব লগা হৈছে । স্থানীয় ৰাইজৰ অভিযোগ পূৰ্বৰ হাগ্ৰামা মহিলাৰীৰ চৰকাৰৰ দিনত এই কাঠৰ দলং খনৰ ঠাইত এখন পকী দলং নিৰ্মাণ কৰাৰ বাৱে কাম আৰম্ভ কৰিছিল ।

তদানীন্তন মন্ত্ৰী চন্দন ব্ৰহ্মই ফিটাও কাটিছিল । কিন্তু অজ্ঞাত কাৰণত সেই কাম হৈ নুঠিল বুলি ৰাইজে জানিবলৈ দিছে । উপায়বিহীন হৈ ৰাইজে এই জৰাজীৰ্ণ দলঙে দি মৰণক শৰণ দি যাতায়াত কৰি আছিল আৰু আজি এই দুৰ্ঘটনা সংঘটিত হয় । বৰ্তমান প্ৰমোদ বড়ো চৰকাৰে ৰাইজৰ এই দুৰ্ভোগৰ কথা চিন্তা কৰি কাঠৰ দলঙৰ ঠাইত এখন পকী দলং নিৰ্মাণ কৰি দিবলৈ আহ্বান জনায় ।

Also Read: কেবিনেট বৈঠক নহয়, এইবাৰ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন...

wooden bridge chirang