/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/d2d2a5db-78a9-4cb1-8efe-9eeb2975112f/208.jpg)
ডিজিটেল সংবাদ,চতিয়া : চতিয়াত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ পুখুৰীত পৰি সলিল সমাধি এজন লোকৰ ৷ চতিয়াৰ দক্ষিণ অঞ্চলৰ হালধিবাৰী গাঁৱত বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা ৷
পুৱা নিজৰ ঘৰৰ সন্মুখত থকা পুখুৰীত গৰুৰ কাৰণে ঘাহঁ কাটিবলৈ গৈ আব্দুল জলিল নামৰ ৪৩ বছৰীয়া লোকজন নিৰুদ্দেশ হোৱাত সমগ্ৰ হালধিবাৰী গাঁৱতে হুৱাদুৱা লাগে।গাঁৱখনৰে দুজন মান লোকে পুখুৰীটোৰ ফালে প্ৰত্যক্ষ কৰাত আব্দুল জলিলে ঘাহঁ কাটিবলৈ লগত লৈ যোৱা টৌ এটা পানীত ওপঙি থকা প্ৰত্যক্ষ কৰে ৷
কিন্তু সেই সময়ত উক্ত স্থানত আব্দুল জলিলক বিচাৰ খোচাৰ কৰিও নেদেখাত মানুহৰ মনত সন্দেহ ওপজে। লগে লগে কেইজনমান যুৱকে পুখুৰীৰত নামি উদ্ধাৰ কৰে আব্দুল জলিলৰ মৃতদেহ ৷
আব্দুল জলিলৰ মৃতদেহ উদ্ধাৰৰ পাছত ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালী লৈ প্ৰেৰণ কৰে ৷ ইফালে আব্দুল জলিলৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে ৷