আকাশমাৰ্গত ধূমপান কৰি গ্ৰেপ্তাৰ এগৰাকী অসমীয়া

আনহাতে অসমৰ যাত্ৰীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে
আকাশমাৰ্গত ধূমপান কৰি গ্ৰেপ্তাৰ এগৰাকী অসমীয়া

ডিজিটেল ডেস্কঃ আকাশমাৰ্গতে ধূমপান কৰি গ্ৰেপ্তাৰ হ'ল এগৰাকী অসমীয়া যাত্ৰী। শুকুৰবাৰে নিশা প্ৰায় ১-৩০ বজাত 6E 716 নম্বৰৰ ইণ্ডিগো বিমানযোগে অসমৰ পৰা বাংগালুৰুলৈ গৈ থকা অৱস্থাতে শ্বেহাৰী চৌধাৰী নামৰ যাত্ৰীগৰাকীয়ে বিমানখনৰ শৌচালয়ত ধূমপান কৰে।

বিমানখনৰ বিভাগীয় কৰ্মচাৰীয়ে যাত্ৰীগৰাকীৰ এনে কৰ্মকাণ্ডৰ বিষয়ে জানিব পৰাৰ লগে লগে বিমানখনৰ কৰ্তৃপক্ষক অৱগত কৰে। ইয়াৰপাছতে শনিবাৰে বিমান কৰ্তৃপক্ষই যাত্ৰীগৰাকীক বাংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰ্জাতিক বিমান বন্দৰত আৰক্ষীৰ হাতত গতাই দিয়ে বুলি জানিব পৰা গৈছে।

আনহাতে অসমৰ যাত্ৰীগৰাকীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰাথমিক তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে। অৱশ্যে অভিযুক্ত যাত্ৰী শ্বেহাৰী চৌধাৰী অসমৰ কোন ঠাইৰ সেই কথা পোহৰলৈ অহা নাই।

আকাশমাৰ্গত ধূমপান কৰি গ্ৰেপ্তাৰ এগৰাকী অসমীয়া
মধুপুৰ সত্ৰৰ মধুৰ স্মৃতিৰ পৰশত উজ্জীৱিত লক্ষ্মীকান্ত মহন্ত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in