/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/madrasa-31.jpg)
ডিজিটেল ডেস্কঃ পুনৰ ভাঙি পেলোৱা হ'ল মাদ্ৰাছা। মাদ্ৰাছাৰ শিক্ষক জেহাদী কাৰ্যকলাপত জড়িত থকাৰ বাবেই ভাঙি পেলোৱা হৈছে পকী অট্টালিকাৰ এখন মাদ্ৰাছা। বঙাইগাঁৱৰ যোগীঘোপাত আজি প্ৰশাসনে চলালে এই মাদ্ৰাছা ধ্বংসৰ অভিযান।
উল্লেখ্য যে যোগীঘোপাৰ কাবাইটাৰী মাৰ্কাজুল মা আৰিফ কাৰিয়ানা মাদ্ৰাছাখনৰ এগৰাকী শিক্ষক জেহাদী কাৰ্যকলাপৰ লগত জড়িত থকাটো প্ৰমাণ হৈছিল। ইয়াৰ পিছতে প্ৰশাসনে মাদ্ৰাছাখন মঙ্গলবাৰে নিশাৰ ভাগতে খালী কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল।
সেই অনুসৰিয়েই মাদ্ৰাছাখনত অধ্যয়নৰত ছাত্ৰসকলে নিশাই মাদ্ৰাছখন ত্যাগ কৰে। আনহাতে ১৩ গৰাকী শিক্ষাৰ্থীয়ে মাদ্ৰাছাৰ বাহিৰতে আশ্ৰয় গ্ৰহণ কৰে। ইফালে পুৱাই প্ৰশাসনে ৮ খন জেচিবি লৈ মাদ্ৰাছাখনৰ চৌহদত উপস্থিত হয়।
অৱশ্যে স্থানীয় লোকে মাদ্ৰাছাখন উচ্চেদ কৰাৰ সময়ত প্ৰশাসনক সহযোগিতা আগবঢ়াইছে বুলিও জানিব পৰা গৈছে। অৱশ্যে দান-বৰঙণিৰে নিৰ্মাণ কৰা মাদ্ৰাছাখনৰ এজন শিক্ষক জেহাদী কাৰ্যকলাপত জড়িত থকাৰ বাবেই মাদ্ৰাছাখন ধ্বংস কৰি পেলোৱা বিষয়টোক লৈ একাংশ লোকৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।
মন কৰিবলগীয়া যে মাদ্ৰাছাখনৰ শিক্ষক মুফতি হাফিজুৰ ৰহমানক জেহাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছিল। পৰৱৰ্তি সময়ত নিয়াৰ আগত হাফিজুৰে জেহাদী কাৰ্যকলাপত জড়িত থকাৰ কথা স্বীকাৰ কৰিছিল বুলিও প্ৰকাশ পাইছে।
২০১৪ চনতেই এই মাদ্ৰাছাখনত শিক্ষক হিচাপে যোগদান কৰিছিল মুফতি হাফিজুৰ ৰহমানে। মঙ্গলবাৰে প্ৰশাসনে মাদ্ৰাছাখন খালী কৰাৰ নিৰ্দেশ দিয়াৰ পিছত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এক বিশাল দল নিশাই মাদ্ৰাছাখনৰ চৌহদত উপস্থিত হৈছিল।