/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/70a3d9ff-3fa3-4d8f-8adf-f6c4aeaa2ae9/mangaldai.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত সাহিত্যিক গোবিন্দৰাম ডেকা আৰু জাগৃতি আলোচনী শীৰ্ষক বক্তৃতানুষ্ঠান। অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে কাজিৰঙা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড০ গীতিকা চহৰীয়াই।
তেওঁ কয় "স্বাধীনোত্তৰ দৰঙৰ পৰা জাগৃতিৰ জৰিয়তে সাহিত্যিক গোবিন্দৰাম ডেকাই অসমৰ বৌদ্ধিক ক্ষেত্ৰখনত দৰঙক তুলি ধৰিবলৈ সক্ষম হৈছিল।" বুলি মন্তব্য কৰে।
শনিবাৰে আবেলি ২ বজাত মঙলদৈৰ সুৰভি শাখা সাহিত্য সভাৰ উদ্যোগত জিলা সাহিত্য সভা প্ৰকল্প, মঙলদৈত দৰং জিলা সাহিত্য সভাৰ সোণালী জয়ন্তী বৰ্ষীয় কাৰ্যসূচী "সাহিত্যিক গোবিন্দৰাম ডেকা আৰু জাগৃতি আলোচনী" শীৰ্ষক বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে ভাষণ প্ৰদান কৰি ডঃ চহৰীয়াই নৱ প্ৰজন্মৰ মাজত জাগৃতি আলোচনী বিষয়ক আলোচনা নোহোৱাটো দুৰ্ভাগ্যজনক বুলি আক্ষেপ প্ৰকাশ কৰে।
ভাষণ প্ৰসঙ্গ তেওঁ মঙলদৈৰ প্ৰয়াত সাহিত্যিক গোবিন্দৰাম ডেকাৰ বৈচিত্ৰ্যময় কৰ্মজীৱনৰ আলোকপাত কৰে। একেধাৰে সাহিত্যিক, সাহিত্য সংগঠক, সাংবাদিক, ছপা ব্যৱসায়ী, সমাজকৰ্মী প্ৰয়াত গোবিন্দৰাম ডেকাই বহু কষ্ট কৰি তেখেতৰ ভগ্নী লক্ষেশ্বৰী ডেকাৰ সহযোগত স্বাধীনতাৰ আগতেই জ্যোতিপ্ৰসাদ আগৰৱালা, নলিনীবালা দেৱী আদি অসমৰ স্বনামধন্য বহু সাহিত্যিকৰ লিখনিৰে সমৃদ্ধ জাগৃতি আলোচনী প্ৰকাশ কৰি মঙলদৈ তথা দৰঙৰ সাহিত্য চৰ্চাৰ পৰিৱেশ উন্নত কৰাৰ প্ৰয়াস কৰিছিল সেই কথা পুনৰ উপস্থাপনৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে।
প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বৰদা শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত বক্তৃতানুষ্ঠান উদ্বোধন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে। অনুষ্ঠানটিৰ আন এগৰাকী বক্তা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া, বিশিষ্ট সাহিত্যিক, স্তম্ভলেখক ৰমণীকান্ত ডেকাই স্বাস্থ্যজনিত কাৰণত উপস্থিত থাকিব নোৱাৰাত তেওঁৰ লিখিত ভাষণ অৱসৰপ্ৰাপ্ত বেংক বিষয়া তথা সাহিত্যিক গোবিন্দৰাম ডেকাৰ পুত্ৰ জয়ন্ত কুমাৰ ডেকাই পাঠ কৰি শুনায়।
দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন পদাধিকাৰ ফুলেন্দ্ৰ নাথ চহৰীয়া, পৃথুৰাম বৰুৱা, চহিৰ ভূঞা, উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মাকে ধৰি শতাধিক সাহিত্যানুৰাগীৰ উপস্থিতিত সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে আঁত ধৰা বক্তৃতানুষ্ঠানত সোণালী জয়ন্তী উদযাপনৰ পুঁজি সংগ্ৰহৰ ৰচিদ বহী উন্মোচন কৰে দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মনে।
পুৱা অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে সুৰভি শাখা সাহিত্য সভাৰ সভাপতি মদন চন্দ্ৰ দত্তই। শাখা সভাৰ উপ সভাপতি দেৱব্ৰত দত্তই স্মৃতি তৰ্পণ কৰা অনুষ্ঠানত প্ৰয়াত গোবিন্দৰাম ডেকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে শাখা সভাৰ প্ৰাক্তন সভাপতি এম নজৰুল হুছেইনে।
আকাশৰ শিল্পীবৃন্দই পৰিৱেশন কৰা চিৰ চেনেহী মোৰ ভাষা জননীৰে আৰম্ভ হোৱা বক্তৃতানুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই শাখা সভাৰ সম্পাদক আনোৱাৰ হুছেইনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/a43eacbb-fdbf-4948-a6d9-85441a33bb1e/44ee338f_ca91_4bc3_97a1_e3458feeb20f.jpg)
Also Read: লক্ষীপুৰত বনৰীয়া হাতীৰ উপদ্রৱ