অসম-অৰুণাচল সীমান্তত দুই ৰাজ্যৰ প্ৰশাসনিক বিষয়াৰ যৌথ জৰীপ...

অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়াসকলে বিশ্বনাথ প্ৰশাসন আৰু পাপুমপাৰে জিলা প্ৰশাসনৰ উচ্চপদস্ত বিষয়াই যৌথভাৱে চলাই জৰীপ৷

author-image
Tushar Pratim
New Update
অসম-অৰুণাচল সীমান্তত দুই ৰাজ্যৰ প্ৰশাসনিক বিষয়াৰ যৌথ জৰীপ...

ডিজিটেল সংবাদ, বিহালী: অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা সমস্যা সমাধান কৰাৰ বাবে দুয়োখন ৰাজ্যৰ প্ৰশাসনিক বিষয়াসকলৰ পদক্ষেপ অব্যাহত আছে। আজি অসমৰ বিশ্বনাথ জিলা প্ৰশাসন আৰু অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলা প্ৰশাসনৰ উচ্চপদস্ত বিষয়াই যৌথভাৱে চলাই জৰীপ৷

Advertisment

কেইদিন মান পূৰ্বে অসম আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত অৱস্থিত বিহালী অভয়াৰণ্যত বন বিভাগৰ বিহালীৰ বিহমাৰীত অৱস্থিত ইক' ট্ৰাস্ক ফ’ৰ্চৰ লোকে গছপুলি ৰোপণৰ বাবে যো-যা কৰাৰ সময়ত অৰুণাচলী লোক তথা প্ৰশাসনৰ লোকে হকা-বধা কৰাত এক উত্তপ্ত পৰিৱেশ সৃষ্টি হৈছিল৷ অসম আৰু অসমীয়াৰ স্ব-অধিকাৰ থকা নিজ ভূমিত গছপুলি ৰোপণ কৰাৰ ক্ষেত্ৰত অৰুণাচলীয়ে বাধা আৰোপ কৰা বিষয়টোৱে দুই ৰাজ্যৰ মাজত চলি থকা সীমা বিবাদৰ বিষয়টোক পুনৰ চৰ্চালৈ আনে৷

যিসময়ত অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰৰ মাজত সীমা বিবাদ নিষ্পতিৰ বাবে মন্ত্ৰী পৰ্যায়ত প্ৰাৰম্ভিক আলোচনা সম্পন্ন হৈছে সেইসময়ত গছপুলি ৰোপণক লৈ সৃষ্টি হোৱা সীমা বিবাদ পোহৰলৈ অহাত বিষয়টোৱে যথেষ্ট গুৰুত্ব লাভ কৰে। তাৰ ফলশ্ৰুতিতেই বিশ্বনাথ জিলা প্ৰশাসন আৰু অৰুণাচল প্ৰদেশৰ পাপুমপাৰে জিলা প্ৰশাসন সষ্টম হৈ পৰে৷  

অসম আৰু অৰুণাচলৰ সীমান্তৰ সীমা বিবাদ নিষ্পতিৰ বাবে অসম-অৰুণাচল প্ৰদেশৰ প্ৰশাসনে যৌথভাৱে বিবাদ সীমান্তত জি পি এছৰ মাধ্যমে জৰীপ কৰে৷ সীমান্ত এলেকাত জি পি এছ জৰীপ কাৰ্যত বিশ্বনাথ জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশ্বনাথ জিলা আয়ুক্ত মুনীন্দ্ৰনাথ নাঙে, বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক শুভাশীস বৰুৱা, অতিৰিক্ত আয়ুক্ত পুষ্পেন্দ্ৰ পাটিৰ, পূৱ শোণিতপুৰ বন সংমণ্ডলৰ বন প্ৰাধিকাৰী বিষয়া বিশ্বজিৎ দাস, বিহালী সমজিলা আয়ুক্ত ধ্ৰুৱজ্যোতি দাসকে আদি কৰি কেইবাগৰাকীও উচ্চপদস্ত প্ৰশাসনিক বিষয়া উপস্থিত থাকে৷

এই জৰীপত বিহালী বিধান সভাৰ সমষ্টিৰ বিধায়ক দিগন্ত ঘাটোৱাল আৰু অৰুণাচল প্ৰদেশৰ দুইমুখ বিধান সভা সমষ্টিৰ বিধায়ক নাবাম বিবেক উপস্থিত থাকে৷ অসম আৰু অৰুণাচল সীমান্ত এলেকাৰ ঠাণ্ডাপানী এলেকাৰ পৰা গহপুৰ-লক্ষীমপুৰলৈকে হ'বলগীয়া জিপিএছ জৰীপ এলেকাৰ দুই ৰাজ্যৰ প্ৰশাসনিক বিষয়াই প্ৰায় ৩০ কিলোমিটাৰ এলেকা জৰীপ৷

বিহালী বিশ্বনাথ