পুনৰ মহানগৰীত জব্দ বুজন পৰিমানৰ ড্ৰাগছ, আটক তিনি যুৱক..

নিশা মহানগৰীৰ ঘোঁৰামৰাত আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ৪০ লাখ টকাৰ ড্ৰাগছ

author-image
Asomiya Pratidin
New Update
পুনৰ মহানগৰীত জব্দ বুজন পৰিমানৰ ড্ৰাগছ, আটক তিনি যুৱক..

মহানগৰীত জব্দ বুজন পৰিমানৰ ড্ৰাগছ

ডিজিটেল ডেস্ক: মহানগৰীত দৈনিক বৃদ্ধি পাবলৈ ধৰিছে নিচা জাতীয় সামগ্ৰীৰ ৰমৰমীয়া বেহা। ড্ৰাগছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ হটস্পটত পৰিণত হোৱাৰ দিশে মহানগৰ। প্ৰত্যেক দিনাই বিভিন্ন ঠাইৰ পৰা সমান্তৰালকৈ ড্ৰাগছ সৰবৰাহকাৰীক ধৰিবলৈ সক্ষম হৈছে মহানগৰ আৰক্ষীয়ে।

Advertisment

নিশা মহানগৰীৰ ঘোঁৰামৰাত আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় ৪০ লাখ টকাৰ ড্ৰাগছ। মধ্য আৰক্ষী জিলাৰ ADCP কল্যাণ পাঠকৰ নেতৃত্বত অভিযান চলাই সুৰুজমূখী পথৰ হাউচ নম্বৰ ৩১(A) ৰ পৰা জব্দ কৰা হয় বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

অভিযানৰ সময়ছোৱাত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে। সৰবৰাহকাৰীকেইটা ক্ৰমে- মিলটন চক্ৰৱৰ্তী (শ্বিলং), দীপাংকৰ ৰয় (পথাৰকান্দী), অভি দাস।

ঘোঁৰামৰাৰ সুৰুজমূখী পথৰ হাউচ নম্বৰ ৩১(A) ৰ বাথৰুমৰ পৰা এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। সৰবৰাহকাৰী কেইটাৰ মিলটন চক্ৰৱৰ্তী নামৰ যুৱকজনক পূৰ্বেও গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

আৰু পঢ়ক: পুত্ৰৰ কুঠাৰৰ ঘাপত প্ৰাণ গ'ল মাতৃৰ, পত্নীকো দিছিল জ্বলাই

assam drugs