গ্ৰামাঞ্চলৰ চিকিৎসা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙালে এখন চিকিৎসালয়ে ...

শাসনাধিষ্ঠ চৰকাৰখনে স্বাস্হ্য খণ্ডৰ আমূল পৰিৱৰ্তনৰ জয়গান গাই থকাৰ সময়তে এটা গ্ৰামাঞ্চলৰ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ উদঙাই দিছে ৷ ৰহমৰীয়া স্বাস্হ্য কেন্দ্ৰৰ ভিতৰচৰাৰ পৰিৱেশে উদঙাই দিছ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অৱস্থা ৷

author-image
Asomiya Pratidin
New Update
গ্ৰামাঞ্চলৰ চিকিৎসা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙালে এখন চিকিৎসালয়ে ...

গ্ৰামাঞ্চলৰ চিকিৎসা ব্যৱস্থাৰ ফোপোলা স্বৰূপ উদঙালে এখন চিকিৎসালয়ে

ডিজিটেল সংবাদ, ৰহমৰীয়াঃ শাসনাধিষ্ঠ চৰকাৰখনে স্বাস্হ্য খণ্ডৰ আমূল পৰিৱৰ্তনৰ জয়গান গাই থকাৰ সময়তে এটা গ্ৰামাঞ্চলৰ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ উদঙাই দিছে ৷ ৰহমৰীয়া স্বাস্হ্য কেন্দ্ৰৰ ভিতৰচৰাৰ পৰিৱেশে উদঙাই দিছ ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অৱস্থা ৷

Advertisment

প্ৰায় ১৭ দিনৰ পৰাই চিকিৎসক বিহীন হৈ আছে চিকিৎসালয় খন ৷ তিনিজন চিকিৎসকৰ কক্ষৰ চকী খালী হৈ পৰি আছে চিকিৎসালয়খনত ৷ যাৰ ফলত এজন মাত্ৰ ফাৰ্মাচীষ্ট আৰু এগৰাকী নাৰ্চেই চলাব লগীয়া হৈছে চিকিৎসালয় খনৰ কাম-কাজ ৷ প্ৰায় ৪০ খন ৰাজহ গাওঁ আৰু ৬ খন চাহবাগিছাৰ প্ৰায় ৬০ হাজাৰ সাধাৰন খাটি খোৱা লোকৰ একমাত্ৰ ভৰসাৰ স্থল এই চিকিৎসালয়খন৷

চিকিৎসালয়খনৰ একমাত্ৰ এম্বুলেন্সখনো এখন হাবিয়নিত জহি খহি পৰিত্যক্ত অৱস্থাত পৰি আছে ৷ চিকিৎসালয় খনৰ এনে দুৰৱস্থাই এতিয়া বৃহত্তৰ ৰহমৰীয়া অঞ্চলৰ সৰ্বসাধাৰণ ৰোগীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ চিকিৎসালয় খনৰ এনে কাণ্ডই সচেতন নাগৰিকক চিন্তিত কৰি তুলিছে ৷

Also Read: ধনশিৰিত আপকুৰ নতুন সমিতি গঠন...

#HOSPITAL #KESHABMAHANTA