ধনশিৰিত আপকুৰ নতুন সমিতি গঠন...

আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু) ধনশিৰি মহকুমা সমিতিৰ এখন সাধাৰণ সভা আজি বৰপথাৰৰ শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
ধনশিৰিত আপকুৰ নতুন সমিতি গঠন...

ডিজিটেল সংবাদ, সৰুপথাৰঃ আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু) ধনশিৰি মহকুমা সমিতিৰ এখন সাধাৰণ সভা আজি বৰপথাৰৰ শংকৰদেৱ শিশু নিকেতন প্ৰাংগণত অনুষ্ঠিত হয়। আপকু ধনশিৰি মহকুমা সমিতিৰ সভাপতি হেমন্ত কুমাৰ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত সমিতিৰ সম্পাদক তুলসী চুতীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে।

Advertisment

সভাত সম্পাদক তুলসী চুতীয়াই দুবছৰীয়া কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে। সভাত সমিতিৰ ভালেকেইজন সদস্যই সম্পাদকীয় প্ৰতিবেদনৰ ওপৰত বহল ব্যাখ্যা আগবঢ়াই । উক্ত সভাতে আপকু ধনশিৰি মহকুমা সমিতিখন ভংগ কৰি পুনৰ নতুন এখন সমিতি গঠন কৰা হয়।

সকলোৰে মতামতৰ ওপৰত ভিত্তি কৰি নতুন সমিতি গঠন কৰা হয় ৷ উক্ত সভাতে তুলসী চুতীয়াক সভাপতি, মাণিক শৰ্মাক উপসভাপতি ,অনুজ বৰাক সম্পাদক, ৰাকেশ কুমাৰ যাদৱক সহকাৰী সম্পাদক , বিবেকানন্দ দত্তক কোষাধ্যক্ষ, বিপুল শৰ্মাক পত্ৰিকা সম্পাদক, স্বপন কুমাৰ চক্ৰৱৰ্তীক কেন্দ্ৰীয় সমিতিৰ মনোনীত সদস্য হিচাপে নতুন সমিতিত স্থান দিয়া হয়৷

নতুন সমিতি লগত লৈ মুঠ ১২ গৰাকী সদস্যৰে আপকু ধনশিৰি মহকুমা সমিতিখন শক্তিশালী ৰূপত পুনৰ নতুনকৈ গঠন কৰা হয়। সভাত আপকুৰ সদস্য সকলৰ নৱীকৰণ, নতুন সদস্য অন্তৰ্ভূক্তি ,সাংগঠনিক দিশ আদিৰ লগতে আগন্তুক গোৱালপাৰাত অনুষ্ঠিত হ'ব লগা আপকুৰ কেন্দ্ৰীয় সমিতিৰ দ্বি- বাৰ্ষিক ৰাজ্যিক অধিবেশনত অংশ গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Also Read: মহাৰাষ্ট্ৰত কৃষকৰ জয়, ক্ষতিপূৰণ দিবলৈ বাধ্য সিন্ধে চৰকাৰ...