/asomiyapratidin/media/media_files/2025/03/24/p4MitCejGZJoO8hIrtSI.jpg)
হস্তনিৰ্মিত বন্দুক উদ্ধাৰ
ডিজিটেল সংবাদ, মঙলদৈ: মঙলদৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। ঔতলা বৰমপুৰত মাটি খান্দোতে ওলাল এটা হস্ত নিৰ্মিত বন্দুক। মঙলদৈ ঔতলা বৰমপুৰ বাসুৱাচুবুৰীত দুৰ্লভ ডেকা আৰু ৰঞ্জিত ডেকাৰ ঘৰত উদ্ধাৰ হয় বন্দুকটো। সোমবাৰে ঘৰৰ পিছফালে পুখুৰী খন্দাই থাকোতে উদ্ধাৰ হয় বহু পুৰণি একনলীয়া হস্ত নিৰ্মিত বন্দুকটো।পৰিত্যক্ত পুখুৰীটোত কোনে কেতিয়া আনি বন্দুকটো পেলাই থৈছিল সেইয়া এতিয়ালৈ জানিব পৰা হোৱা নাই।
জেচিবিৰে পুখুৰীটো পুনৰ খন্দাই থাকোতে বন্দুকটো উদ্ধাৰ হয়। খন্দা মাটি খিনি মিলাই থকা সময়ত কোডালত বন্দুকটো লগাত আচৰিত হয় মাটি মিলোৱা বনুৱাজন। লগে লগে বনুৱাজনে গৃহস্থক খবৰ দিয়ে। গাঁৱৰ গাওঁবুঢ়া আহি মঙলদৈ আৰক্ষীক খবৰ দিয়ে। মঙলদৈ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বন্দুকটো উদ্ধাৰ কৰি লৈ যায়। ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।