হাজোত এছ টি এফে খেদি খেদি ধৰিলে নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহকাৰী...

৪ কোটি টকাৰ ড্ৰাগছসহ এখন বাহন জব্দ

author-image
Asomiya Pratidin
New Update
হাজোত এছ টি এফে খেদি খেদি ধৰিলে নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহকাৰী...

হাজোত এছ টি এফে খেদি খেদি ধৰিলে নিষিদ্ধ দ্ৰব্যৰ সৰবৰাহকাৰী...

ডিজিটেল সংবাদ হাজোঃ নিশা হাজোত অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী গোট চমুকৈ এছ টি এফে এক অভিযান চলাই ৪ কোটি টকাৰ নিষিদ্ধ ব্ৰাউন ছুগাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে এছ টি এফৰ দলটোৱে খেদি খেদি কৰায়ত্ত কৰে এটা ড্ৰাগছ সৰবৰাহকাৰীক।

Advertisment

এছ টি এফৰ এ এছ পি কল্যাণ পাঠকৰ নেতৃত্বত চলা এই ড্ৰাগছ বিৰোধী অভিযানত ৪১ টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰা হৈছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে ধৃত ড্ৰাগছ ব্যৱসায়ীটোৰ নাম মানৱ দেৱ।

এছ টি এফে মানৱৰ পৰা এখন মাৰুটি RITZ বাহনো জব্দ কৰিছে। এই বাহনখনতে কঢ়িয়াই আনিছিল নিষিদ্ধ ব্ৰাউন ছুগাৰখিনি। ৪ কোটি টকা মূল্যৰ এই ড্ৰাগছখিনি শিলচৰৰ পৰা কঢ়িয়াই আনিছিল।

Also Read: বিশাল-চুমি কাণ্ডঃ সোধপোছৰ বাবে এজন জনপ্ৰিয় সাংবাদিকক তলব ডিব্ৰুগড় আৰক্ষীৰ...

হাজো ড্ৰাগছ সৰবৰাহকাৰী এছ টি এফ