ঘিলামৰাত ‘নিখুঁত প্ৰক্ৰিয়াৰ দ্বাৰা বিচাৰ কাৰ্য আমাৰ কাম্য’ শীৰ্ষক আলোচনা...

ঘিলামৰাত ‘নিখুঁত প্ৰক্ৰিয়াৰ দ্বাৰা বিচাৰ কাৰ্য আমাৰ কাম্য’ শীৰ্ষক আলোচনা...

ডিজিটেল সংবাদ, ঘিলামৰাঃ ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্হায়ী সমিতিৰ উদ্যোগত আজি ঘিলামৰা কৃষ্টিভৱনস্থিত ই-লাইব্ৰেৰীত এখনি বিহু বিচাৰক সমাবেশ অনুষ্ঠিত হয়। ঘিলামৰা অঞ্চলৰ অৰ্ধ শতাধিক বিচাৰক উপস্থিত থকা সমাবেশ খনিত সমল ব্যক্তি হিচাপে ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক ড° কেশৱ হাজৰিকা আৰু চিলাপথাৰ টাউন কলেজৰ অধ্যাপক যোগানন্দ গগৈয়ে অংশ গ্ৰহণ কৰি হুঁচৰি, বিহুৱতী, টকা বিহু আদি বিভিন্ন বিহু প্ৰতিযোগিতা বিচাৰ কৰাৰ সন্দৰ্ভত আলোকপাত কৰা হয়।

ঘিলামৰা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ স্হায়ী সমিতিৰ সভাপতি হিৰণ্য হাজৰিকা, সম্পাদক উত্তম কুমাৰ হাজৰিকাই সহযোগ কৰা আৰু ‘নিখুঁত প্ৰক্ৰিয়াৰ দ্বাৰা বিচাৰ কাৰ্য আমাৰ কাম্য’ শীৰ্ষক আলোচনা খনিৰ হুঁচৰি প্ৰতিযোগিতাৰ বিভিন্ন দিশৰ সম্পৰ্কত নিৰঞ্জন গগৈ, প্ৰদীপ গগৈ, কেশৱ গগৈ, নৱ চেতিয়া, শান্তনু গগৈয়ে মতামত আগবঢ়ায়। বিহুৱতী প্ৰতিযোগী বিচাৰ কৰাৰ সময়ত বিচাৰকে কেনেধৰণৰ বিষয়ত গুৰুত্ব দিব লাগে সেই বিষয়ত মন্টু গগৈ, নিতুমণি বৰুৱা, লোহিত লাহন, পাপৰী গগৈ আদিয়ে গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in