ডিমাপুৰলৈ বুলি ওলাই যোৱা দুলাল হুছেইন সন্ধানহীন…

ডিমাপুৰলৈ বুলি ওলাই যোৱা দুলাল হুছেইন সন্ধানহীন…

author-image
asomiyapratidin
New Update
ডিমাপুৰলৈ বুলি ওলাই যোৱা দুলাল হুছেইন সন্ধানহীন…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত বৰভেটি, গেৰেকণি গাঁৱৰ ছাইফুল ইছলামৰ পুত্র দুলাল হুছেইন আজিৰ পৰা ১৪ দিন ধৰি নিৰুদ্দেশ হৈ আছে। ১৪ দিন পূৰ্ব হুছেইন ঘৰৰ পৰা কৰ্মসূত্ৰে ডিমাপুৰলৈ বুলি ওলাই গৈছিল। কিন্তু তাৰ পাছৰ পৰা বৰ্তমানলৈকে কোনো শুংসূত্ৰ নাই।

Advertisment

পৰিয়ালৰ সদস্যই ওচৰ চুবুৰীয়া, ইষ্ট কুটুম্ব সকলোতে বিচাৰ খোচাৰ কৰি কোনো শুংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই। ইতিমধ্যে পৰিয়ালৰ তৰফৰ পৰা সন্ধানহীন সন্দৰ্ভত ধিং আৰক্ষী চকীত এখন এজাহাৰ দিছে।বাতৰি লিখা পৰলৈ আৰক্ষীয়েও কিশোৰজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই। ১৭ বছৰীয়া মিঠা বৰণীয়া, হালধীয়া টি-চাৰ্ট, কলা লংপেন্ট পৰিহিত দুলাল হুছেইনৰ কিবা সম্ভেদ পালে ৮৮১১৯৫৫৩১৬ অথবা ৮৮২২৩১২৬৯২ নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে।

nagaon police dhing police dimapur assam