লাখুটিত ভৰ দি ভোটকেন্দ্ৰত এগৰাকী ১০৪ বছৰীয়া বৃদ্ধা, সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত দিলে ভোট

লাখুটিত ভৰ দি ভোটকেন্দ্ৰত এগৰাকী ১০৪ বছৰীয়া বৃদ্ধা, সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত দিলে ভোট

author-image
asomiyapratidin
New Update
লাখুটিত ভৰ দি ভোটকেন্দ্ৰত এগৰাকী ১০৪ বছৰীয়া বৃদ্ধা, সুস্থ সমাজ গঢ়াৰ স্বাৰ্থত দিলে ভোট

ডিজিটেল ডেস্কঃ ভোটাধিকাৰ গণতন্ত্ৰৰ প্ৰথম আৰু প্ৰধান অস্ত্ৰ। এই অস্ত্ৰৰে সৈতে আজি দেশৰ উন্নয়ন আৰু বিকাশৰ স্বাৰ্থত সাধাৰণ নাগৰিক ওলাই আহিছে ভোটদান কৰিবলৈ। ভোট কেন্দ্ৰ সমূহত দেখা পোৱা গৈছে ভোটাৰৰ লানি নিছিগা শাৰী। প্ৰত্যেকেই বিচাৰে- এইবাৰ সঁচাকৈয়ে উন্নয়ন হওক, কৃষকৰ সমস্যা দূৰ হওক, নিবনুৱাই এটা সংস্থাপন লাভ কৰক, মূল্য বৃদ্ধিৰ জুইকুৰা প্ৰশমিত হওক।

দেশৰ স্বাৰ্থত, এখন সুস্থ সমাজৰ আশাত বৃহস্পতিবাৰে চৰাইদেউ জিলাৰ এটা ভোট কেন্দ্ৰত দেখা গ'ল এগৰাকী অশীতিপৰ বৃদ্ধাক। থৰক বৰক খোজেৰে হ'লেও ভোট দিবলৈ আহিছে তেওঁ। চৰাইদেউ জিলাৰ মৰাণ শান্তিপুৰৰ এটা ভোটকেন্দ্ৰত ভোট দান কৰিবলৈ অহা বৃদ্ধা গৰাকীক ভোট দানৰ বাবে বিশেষ সহযোগিতা আগবঢ়ায়।

তেওঁৰ নাম লক্ষী পাল। মৰাণ শান্তিপুৰৰ নিবাসী লক্ষী পালে এফালে জীয়াৰীৰ হাতত ধৰি আনফালে লাখুটিত ভেজা দি উপস্থিত হ'ল ভোটগ্ৰহণ কেন্দ্ৰটোত। প্ৰশাসন আৰু উপস্থিত লোকৰ সহযোগত তেওঁ এখন সুস্থ সমাজ গঠনৰ আশাত ভোটদান কৰে।

ভোট কেন্দ্ৰটোত লক্ষী পাল নামৰ এই ১০৪ বছৰীয়া বৃদ্ধা গৰাকীৰ উপস্থিতিয়ে আজি প্ৰমাণ কৰিছে, ভোটদানৰ শক্তি কিমান। বৃদ্ধাগৰাকীৰ এই উৎসাহী পদক্ষেপে অইন ভোটাৰ সকলোলৈও এক বাৰ্তা প্ৰেৰণ কৰিছে। সেয়া হৈছে- সুস্থ সমাজৰ স্বাৰ্থত, উন্নয়নৰ বাবে ভোটদান জৰুৰী।