পেহেলগাম আক্ৰমণ পিছত ৯৭ জনলৈ বৃদ্ধি পালে অসমত গ্ৰেপ্তাৰ হোৱা দেশ বিৰোধী...

২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ ঘটনাৰ পিছত অসমত মুঠ ৯৭ গৰাকী দেশদ্ৰোহী তথা হিন্দু ধৰ্ম বিৰোধীক গ্ৰেপ্তাৰ কৰা হৈছে। ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে এই কথা উল্লেখ কৰিছে।

author-image
Asomiya Pratidin
New Update
পেহেলগাম আক্ৰমণ পিছত ৯৭ জনলৈ বৃদ্ধি পালে অসমত গ্ৰেপ্তাৰ হোৱা দেশ বিৰোধী...

ডিজিটেল ডেস্কঃ ২২ এপ্ৰিলৰ পেহেলগাম আক্ৰমণৰ ঘটনাৰ পিছত অসমত মুঠ ৯৭ গৰাকী দেশদ্ৰোহী তথা হিন্দু ধৰ্ম বিৰোধীক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে এক্স হেণ্ডেলত তিনিচুকীয়া আৰু নগাওঁ জিলাত দুজনকৈ দেশদ্ৰোহীক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰিছে।

Advertisment

তেওঁ এক্স হেণ্ডেলত উল্লেখ কৰা মতে তিনিচুকীয়া আৰক্ষীয়ে হিন্দু ধৰ্ম বিৰোধী কনটেণ্টৰ বাবে মহম্মদ আনিছুৰ ৰহমান নামৰ এজনক আৰু ভগৱান ৰামৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ বাবে নগাওঁ আৰক্ষীয়ে ফাৰিজুল ইছলাম নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে।

উল্লেখ্য যে, পেহেলগাম আক্ৰমণৰ পিছতে দেশবিৰোধী মন্তব্য কৰাৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো অসম আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছিল। এই অভিযানৰ মাজতে গ্ৰেপ্তাৰ হৈছিল ধিং সমষ্টিৰ এ আই ইউ ডি এফৰ বিধানয়ক আমিনুল ইছলামক।

পৰৱৰ্তী সময়ত বিধায়কগৰাকীক ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। অসমত পেহেলগাম আক্ৰমণৰ পৰৱৰ্তী সময়ত বিধায়ককে ধৰি একাংশ সাধাৰণ নাগৰিকেও মুকলিকৈ পাকিস্তানৰ সমৰ্থনত সামাজিক মাধ্যমত বিভিন্ন পোষ্ট কৰি এইদৰে গ্ৰেপ্তাৰ হৈছে। 

উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু আৰু কাশ্মীৰৰ পেহেলগাম উপত্যকাত পাকিস্তান সমৰ্থিত সমৰ্থিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাই ২৬ গৰাকী পৰ্যটকক হত্যা কৰিছিল। তাৰ পিছত ৭ মে’ত ভাৰতে আৰম্ভ কৰিছিল অপাৰচেন সিন্দূৰ। এই অভিযানৰ জৰিয়তে পাকিস্তানৰ মুঠ ৯ টা স্থানত আঘাত কৰি সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল।  

 

ড০ হিমন্ত বিশ্ব শৰ্মা অপাৰেচন সিন্দুৰ পাকিস্তান পেহেলগাম