/asomiyapratidin/media/media_files/2025/04/13/t1jpsF6tkn1oXxvLVC7s.jpg)
ফুলেন্দ্ৰ নাথ চহৰীয়াৰ ৯২ সংখ্যক ওপজা দিনত অভিনন্দন অনুষ্ঠান
ডিজিটেল সংবাদ, মঙলদৈ: '১৯৫২ চনত লতাশিলৰ বিহু চাই আহি কেইজনমান লোকৰ লগত মঙলদৈত বিহু উদযাপনৰ কথা ১৯৫৩ চনত আলোচনা কৰিছিলো। মঙলদৈ চৰকাৰী হাইস্কুল (এতিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়) ৰ শিক্ষক আৰু কেইজনমানে এই ক্ষেত্ৰত উৎসাহিত কৰিলে। শিক্ষক ধৰ্মনাথ শৰ্মা শাস্ত্ৰী সভাপতি আৰু দশম শ্ৰেণীত পঢ়ি থকা মোক জোৰকৈ ৰাইজে সম্পাদক পাতিলে। চাৰিটা ৱাৰ্ডৰে মঙলদৈখন একেবাৰে সৰু টাউন। টকা পইচা কৰ পৰা সংগ্ৰহ হ'ব বুলি এক শংকাবোধ কৰিছিলো যদিও ৰাইজৰ সাহস আৰু উৎসাহত মঙলদৈত আমি ১৯৫৩ চনত বিহু পাতিছিলো। তেতিয়া মঙলদৈত ঢুলীয়াৰ লগত নাচিবলৈ নাচনী নাছিল। মঙলদৈ থানাৰ উজনি অসমৰ আৰক্ষী জোৱান সকলৰ ভিতৰত কেইজনমান জোৱানে মেখেলা চাদৰ পিন্ধি নাচিছিল'- এই ভাষ্য সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীৰ জন্ম লগ্নৰ সম্পাদক, বিশিষ্ট সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া, দৰং জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক ফুলেন্দ্ৰ নাথ চহৰীয়াৰ।
শনিবাৰে সন্ধিয়া মঙলদৈ বৰপুখুৰী পাৰৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত ৭১ সংখ্যক সদৌ মঙলদৈ বিহু সন্মিলনীয়ে ব্যতিক্ৰমী চিন্তাৰে উদযাপন কৰা প্ৰতিষ্ঠাপক সম্পাদক ফুলেন্দ্ৰ নাথ চহৰীয়াৰ ৯২ সংখ্যক ওপজা দিনত অতীত স্মৃতি ৰোমন্থন কৰি তেওঁ এইদৰে কয়। মঙলদৈ বৰপুখুৰী পাৰৰ জয়ন্ত হাজৰিকা স্মৃতি উদ্যানত আজি সন্ধিয়া ৬ বজাত আৰম্ভ হোৱা এই অনুষ্ঠানত তেওঁ লগতে কয়- 'পঞ্চাশ পইচা, এটকা, দুটকাকৈ সংগ্ৰহ হোৱা মুঠ তিনি হাজাৰ টকাৰে তিনিদিনীয়াকৈ আমি বিহু পাতিছিলো। সংগ্ৰহ হোৱা বৰঙণি খৰছ কৰি চাহ - ভাত খোৱা নাছিলো। নামী দামী শিল্পী মতা নাছিলো। আমাৰ স্থানীয় ৰাজকুমাৰ জিতেন্দ্ৰ নাৰায়ণ দেৱ, পাৰুল দে, সাবিত্ৰী শইকীয়াই আছিল আমাৰ শিল্পী।'
তেওঁ লগতে মাৰোৱাৰী, বিহাৰী, বঙালী আদিয়েও কঁকালত গামোচা মাৰি বিহুতলীত উপস্থিত হৈ সকলোৰে লগত একাত্ম হৈ পৰাৰ কথা উল্লেখ কৰে। অন্তৰংগ আলাপৰ প্ৰাকমুহূৰ্তত শিল্পী প্ৰাঞ্জল শৰ্মাই আঁত ধৰা অভিনন্দন অনুষ্ঠানত ৭১ সংখ্যক সদৌ মঙলদৈ ৰঙালী বিহু সন্মিলনীৰ মুখ্য উপদেষ্টা ৰাজীৱ কুমাৰ ডেকা, সভাপতি গুৰুজ্যোতি দাস, কাৰ্যকৰী সভাপতি নিৰ্মালী দেৱী শৰ্মা, সম্পাদক মানৱ প্ৰতীম দাসে ফুলাম গামোচা, চেলেং, শৰাই, মানপত্ৰৰে ফুলেন্দ্ৰ নাথ চহৰীয়াক জন্মদিনৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। লগতে বিধায়ক বসন্ত দাস, ভেবাৰঘাট মিলিজুলি মইনা পাৰিজাত, খৰিকাজাঁই সাহিত্য সভা, এচ আৰ ডি গ্রুপ, য়ুথ ক্লাব, 'আশাৰ আলোক'- মানুহে মানুহৰ বাবে---, দৰং, অসম, দৰং জিলা সাহিত্য সভা, কৰুণাধাৰা দৰং জিলা সহায়ক সমিতি, মঙলদৈ সনাতন ধৰ্মসভা, মঙলদৈ পৌৰসভা, ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, মঙলদৈ জিলা কৰ্মচাৰী পৰিষদ, চৰকাৰী পেঞ্চনাৰ সন্থাৰ দৰং জিলা সমিতি, মঙলদৈ বণিক সন্থা, মঙলদৈ ক্লাব, খাৰুপেটীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ বুদ্ধিন চন্দ্ৰ হাজৰিকা, মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিচিত্ৰ কুমাৰ মেধি, অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ইদ্ৰিছ আলী, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ক্ৰমে- ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, চহিৰ ভূঞা, মঙলদৈ বণিক সন্থাৰ সভাপতি মুকুল চন্দ্ৰ ডেকা, প্ৰবীণ সাংবাদিক ৰাজেন্দ্ৰ নাথ হাজৰিকা, বিশিষ্ট ব্যক্তি ক্ৰমে- হৰেন নাথ, উদয় গুপ্তা, ভোলা পাটোৱাৰী, কুলেন হাজৰিকা, কৈলাশ পাটোৱাৰী, দেৱব্ৰত দত্ত, নিতাই ঘোষ, ৰমেশ চন্দ্ৰ ঘোষ, সাহিত্যিক বৰদা শইকীয়া, লেখিকা ডঃ দীপালী চহৰীয়া, আনন্দ ডেকা, শিল্পী পেঞ্চনাৰ স্বপন কুমাৰ ঘোষ, ৰমেশ ঘোষ, সমাজসেৱক চিত্ৰ কলিতা, কল্পনা চহৰীয়া, গীৰিজা নাথ, পংকজ গোস্বামী, শীলা চহৰীয়া, তৰুণ শৰ্মা আদিয়ে তেওঁক জন্মদিনৰ অভিনন্দন জ্ঞাপন কৰে। তিনি শতাধিক লোক উপস্থিত থকা এই অনুষ্ঠান আয়োজন কৰাৰ বাবে ৰাইজে উদ্যোক্তা সকলৰ শলাগ লয়।