চিৰাঙত শিশু সুৰক্ষাৰ হকে ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ শুভাৰম্ভ...

প্ৰচাৰ অভিযান
প্ৰচাৰ অভিযান

ডিজিটেল সংবাদ, চিৰাংঃ সোমবাৰৰ পৰা চিৰাং জিলাত আৰম্ভ হৈছে শিশু সুৰক্ষা সম্পৰ্কীয় ৯০ দিনীয়া প্ৰচাৰ অভিযান। এই উপলক্ষে চিৰাং জিলাৰ সদৰ কাজলগাঁৱস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয় সভা কক্ষত চিদলী বিধান সভা সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে এই অভিযানৰ শুভাৰম্ভ কৰে।

প্ৰচাৰ অভিযান
প্ৰচাৰ অভিযান

চিৰাং জিলা শিশু সুৰক্ষা বিভাগৰ পৰা এই অভিযানৰ জৰিয়তে শিশু সৰৱৰাহ, শিশু শ্ৰমিক, বাল্য বিবাহ বন্ধ কৰাৰ বাবে ব্যাপকভাৱে সজাগতা কাৰ্যসূচী গ্ৰহণ কৰিব। শিশুসকলৰ বিৰুদ্ধে হোৱা অত্যাচাৰ, উৎপীড়ন আদিৰ অন্ত পেলাই তেওঁলোকক যাতে মানৱ সম্পদ ৰূপে গঢ়ি তুলিব পাৰে এই দিশত জিলাখনৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এলেকাকে ধৰি জিলাখনত এই অভিযানে বিশেষ গুৰুত্ব আৰোপ কৰিছে।

প্ৰচাৰ অভিযান
প্ৰচাৰ অভিযান

এই অভিযানৰ কালছোৱাত, গোহাৰি পত্ৰ বিতৰণ, খেল ধেমালি, গীত মাতৰ অনুষ্ঠান, বাটৰ নাট আদিও প্ৰদৰ্শন কৰা হ'ব। উদ্বোধনী অনুষ্ঠানত জিলা শিশু সুৰক্ষা বিষয়া ড০ সুৰশ্ৰী পাঠকে ৯০ দিনীয়া প্ৰচাৰ অভিযানৰ ওপৰত দৃশ্য, শ্ৰব্য মাধ্যমেৰে অৱগত কৰে ৷ অভিযানৰ উদ্বোধনী অনুষ্ঠানত জিলা উপায়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীৱে জিলাখনৰ শিশু সকলৰ সুৰক্ষাৰ দিশত জিলা প্ৰশাসনৰ পৰা সহায় সহযোগিতা কৰিব বুলি উল্লেখ কৰে ৷

অনুষ্ঠানত চিৰাং জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা, অতিৰিক্ত উপায়ুক্ত ফিৰদৌছ আলম শ্বেখ, বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ, গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক অৰবিন্দ ৰাভা, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ৰেহেনা বেগম, চিৰাং জিলা শিশু সুৰক্ষা সমিতিৰ সভাপতি সন্তোষ খাখলাৰী উপস্থিত থাকে ৷ সুৰক্ষিত শৈশৱ, সোণালী অসম শীৰ্ষক শ্ল'গানেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত ডাংতলৰ অনাথ গৃহ কৃপালয়াৰ অনাথ শিশুসকলে প্ৰস্তুত কৰা বুকিৰে অতিথি সকলক সম্বৰ্ধনা জনোৱা হয় ৷

অনুষ্ঠানত প্ৰচাৰ অভিযানৰ অংশ হিচাপে স্বাক্ষৰ অভিযান আৰম্ভ কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থকা মুখ্য অতিথি জয়ন্ত বসুমতাৰীয়ে কন্যা শিশুসকলক পূৰ্বে পৰিয়ালৰ অভিভাৱকসকলে গুৰুত্ব দিয়া নাছিল যদিও এতিয়া গুৰুত্ব প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি জিলাখনত নব্বৈ দিনীয়া প্ৰচাৰ অভিযানে সফলতা লাভ কৰিব বুলি উল্লেখ কৰে ।

প্ৰচাৰ অভিযান
সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in