৭ নৱেম্বৰৰ পৰা নলবাৰী ৰাস মহোৎসৱ, জীৱন্ত আৰু মৃন্ময় ৰাসৰ সম্বনয় হ'ব মূল আকর্ষণ

: ৭ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈকে ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হ'ব ৮৯ তম নলবাৰী ৰাস মহোৎসৱ।
৭ নৱেম্বৰৰ পৰা নলবাৰী ৰাস মহোৎসৱ,  জীৱন্ত আৰু মৃন্ময় ৰাসৰ সম্বনয় হ'ব মূল আকর্ষণ

ডিজিটেল ডেস্ক: ৭ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈকে ১৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হ'ব ৮৯ তম নলবাৰী ৰাস মহোৎসৱ। এই উপলক্ষে হৰিমন্দিৰ ৰাস উদযাপন সমিতিৰ সভাপতি ও অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত বর্তমান সকলো প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত।

চূড়ান্ত পৰ্যায়ৰ এই প্ৰস্তুতি চলি থকাৰ মাজতে দেওবাৰে হৰিমন্দিৰ ৰাস উদযাপন সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰী হৰিমন্দিৰ প্ৰাংগণত ৰাস উদযাপন সম্পৰ্কীয় এক বিশেষ সংবাদমেল সম্বোধন কৰে।

১৩ দিনীয়াকৈ উদযাপন হ'বলগীয়া ৰাসৰ মহোৎসৱৰ প্ৰথম দিনা অৰ্থাৎ ৭ নবেম্বৰত ৰাস মহোৎসৱ উদ্বোধন কৰিব বটদ্ৰৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ গোস্বামীয়ে আৰু এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী পিযুষ হাজৰিকা। গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰৰ পৰা এক বিশাল সাংস্কৃতিক সমদলৰো আয়োজন কৰা হৈছে উক্ত দিনটোত। ৮ তাৰিখে শিক্ষামন্ত্ৰী ৰণোজ পেগুই উদ্বোধন কৰিব গ্ৰন্থ মেলা, বিমল বৰাই উদ্বোধন কৰিব বানিজ্য মেলা, আৰু অভিনেতা যতীন বৰাই 'অখণ্ড ভাৰত ষ্টল' উদ্বোধন কৰিব ।

এইবাৰ ৰাসত মৃন্ময় আৰু জীৱন্ত উভয় ৰাসৰ সমাহাৰ থাকিব। সংবাদমেলত মন্ত্ৰী বৰুৱাই জীৱন্ত আৰু মৃন্ময় ৰাসৰ সম্বনয় এইবাৰৰ নলবাৰী ৰাস মহোৎসৱৰ মূল আকর্ষণ হিচাপে চিহ্নিত হ'ব বুলি মন্তব্য কৰে। এইবাৰ বিভিন্ন ঠাইৰ মুঠ চাৰিটা জীৱন্ত ৰাসৰ দলে অংশগ্ৰহণ কৰিব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ জীৱন্ত ৰাস, মথুৰা বৃন্দাবনৰ ৰাস, গুজৰাটৰ দাণ্ডিয়া ৰাস আৰু মণিপুৰৰ বসন্ত ৰাস প্ৰদৰ্শন কৰা হ'ব।

এইবাৰ ৰাসত ৮ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ নাগাৰা আৰু দিহা নামৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু শ্ৰেষ্ঠ দলক পঞ্চাশ হাজাৰ টকা পুৰস্কাৰ প্ৰদান কৰিব। ঠিক সেইদৰে নলবাৰী ৰাসক অদূৰ ভৱিষ্যতে এক ভ্ৰাম্যমান থিয়েটাৰৰ মহোৎসৱলৈও প্ৰসাৰিত কৰাৰ দূৰদৰ্শী চিন্তাৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ মাজত অনুষ্ঠিত হ'ব নাট প্ৰতিযোগিতা আৰু তিনিটাকৈ বঁটা প্ৰদান কৰা হ'ব। শ্ৰেষ্ঠ নাটক হিচাhs বিবেচিত নাটকৰ প্ৰযোজকে লাভ কৰিব ১ লাখ আৰু সমান্তৰালকৈ শ্ৰেষ্ঠ অভিনেতা - অভিনেত্ৰী বঁটা প্ৰাপকক ২৫০০০/- টকাকৈ দিয়া হ'ব।

পূৰ্বতকৈ এইবাৰৰ ৰাস বিস্তৃত ৰূপত আয়োজন কৰা হৈছে আৰু বহু নৱতম সংযোজনৰ পয়োভৰ ঘটিছে। এইবাৰৰ মূল ৰাসমেলা আৰু বাণিজ্য মেলা শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানত আয়োজন কৰা হৈছে। অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থ মেলা হ'ব হৰিমন্দিৰৰ মুল ৰাসখোলাত। খাদ্য মেলা, আত্মসহায়ক গোটৰ মেলা, হস্ত তাঁত মেলা, 'অৰ্হতা বিকাশ' সম্বন্ধীয় ষ্টল, 'অখণ্ড ভাৰত' ষ্টল, বিভিন্ন চৰকাৰী বিভাগৰ প্ৰদৰ্শনীমূলক ষ্টল আদি হব এইবাৰৰ ৰাস মহোৎসৱৰ অন্যতম আকৰ্ষণ।

এইবাৰ নলবাৰী ৰাসক সম্পূৰ্ণৰূপে একক ব্যৱহাৰযোগ্য প্লাষ্টিক মুক্ত কৰাৰ বাবে সিদ্ধান্ত কৰা হৈছে আৰু ইয়াৰ বাবে সমিতিৰ তৰফৰ পৰা ঠায়ে ঠায়ে নিৰ্দিষ্ট কাউণ্টাৰৰ যোগেদি কাগজৰ বেগ যোগান ধৰাৰো ব্যৱস্থা থাকিব।একেদৰে হৰিমন্দিৰ প্ৰাঙ্গণত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে।সেইদৰে নলবাৰীৰ সুৰাৰ বিপনিসমূহ ৰাসৰ সময়ত নিশা ৮ বজাতে বন্ধ কৰা হ'ব বুলিও সাংবাদমেলত মন্ত্ৰী বৰুৱাই ঘোষণা কৰে।

উল্লেখ্য যে নলবাৰীৰ ৰাস মহোৎসৱত ১৪ নবেম্বৰ তাৰিখে অসমৰ জীৱন্ত ৰাস উদ্বোধন কৰিব বলিউডৰ মোহময়ী অভিনেত্ৰী হেমা মালিনীয়ে আৰু এই অনুষ্ঠানত মূখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা হব মুখ্য অতিথি। এইবাৰৰ নলবাৰীৰ ৰাস মহোৎসৱত প্ৰায়পোন্ধৰ লাখ দৰ্শনাৰ্থীৰ সমাবেশ হব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী তথা সভাপতি বৰুৱাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in