/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/WhatsApp-Image-2022-08-15-at-12.00.00-PM.jpeg)
ডিজিটেল সংবাদ,ধেমাজি : সমগ্ৰ দেশৰ লগতে ধেমাজিতো ওলহ মালহেৰে ৭৬ সংখ্যক স্বাধীনতা দিবস উদযাপন কৰা হয় ৷ ধেমাজিৰ কাছাৰী ময়দানত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে ধেমাজি জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই ৷ পূৰ্বৰ তুলনাত ৰাইজৰ সমাগম যথেষ্ট বেছি হোৱা হোৱা দেখা গৈছে। এইবাৰৰ স্বাধীনতা দিৱসৰ পেৰেডত ২৭ টা দলে অংশগ্ৰহণ কৰে ৷ পতাকা উত্তোলনৰ পূৰ্বে উপায়ুক্তই মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যৰ্পণ কৰে ৷ পতাকা উত্তোলন কৰি উপায়ুক্তই চৰকাৰৰ উন্নয়নমূলক কাম সমূহৰ খতিয়ান বিষয়ে ৰাইজৰ আগত দাঙি ধৰে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us