৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈ ৫ মাহৰ গৰ্ভৱতী গৃহহীন দৰিদ্ৰ পৰিয়ালৰ নৱম শ্ৰণীৰ ছাত্ৰী…

৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈ ৫ মাহৰ গৰ্ভৱতী গৃহহীন দৰিদ্ৰ পৰিয়ালৰ নৱম শ্ৰণীৰ ছাত্ৰী…

author-image
asomiyapratidin
New Update
৭০ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি হৈ ৫ মাহৰ গৰ্ভৱতী গৃহহীন দৰিদ্ৰ পৰিয়ালৰ নৱম শ্ৰণীৰ ছাত্ৰী…

ডিজিটেল সংবাদ নগাঁও: নগাঁৱৰ পুৰনিগুদামত চাঞ্চল্য ৷ এজন পৌড়ৰ কামনাৰ বলি হ'ল এগৰাকী ছাত্ৰী ৷ ৭০ বছৰীয়া ৰামেশ্বৰ হাজৰিকা নামৰ লোকজনৰ কামনাৰ বলি হোৱা নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী পাঁচ মাহৰ গৰ্ভৱতী হোৱাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

Advertisment

পুৰণিগুদাম আৰক্ষী পহৰা চকীৰ আৰক্ষীয়ে ৭০ বছৰীয়া ৰামেশ্বৰ হাজৰিকাক ইতিমধ্যে কৰায়ত্ত কৰিছে ৷ জানিব পৰা মতে কামনাৰ বলি হৈ গৰ্ভৱতী হোৱা ছাত্ৰগৰাকী হৈছে অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ৷ পিতৃ-মাতৃ দুয়ো শাৰিৰীক ভাবে বাধাগ্ৰস্হ ৷ পিতৃ-মাতৃৰ একমাত্ৰ ভৰসা কিশোৰীগৰাকী ৷ দুৰ্ভগীয়া পৰিয়ালটোৰ নাই নিজা এটি বাসভৱন ৷

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত কিশোৰীগৰাকীক ৰামেশ্বৰে লৈ গৈছিল ভেৰভেৰিস্থিত মৃত্যুঞ্জয় মন্দিৰ দেখুৱাবলৈ ৷ মন্দিৰ দৰ্শন কৰিবলৈ নি পথাৰত কিশোৰীগৰাকীক যৌন উৎপীড়ন চলাইছিল বৃদ্ধ হাজৰিকাই ৷ এই ঘটনাৰ পিছতে গৰ্ভৱতী হয় কিশোৰী ছাত্ৰীগৰাকী ৷

পুৰণিগুদামৰ এঘৰ লোকৰ ঘৰত বৰ্তমান ভাড়াতীয়া হিচাপে থকা পৰিয়ালটো ছাত্ৰীগৰাকীৰ শাৰিৰীক অসুস্হতাৰ বাবে ভাড়াঘৰৰ মালিকে জানিব পাৰি সোধপোচ কৰাত জঘন্য ঘটনাটো পোহৰলৈ আহে ৷ লগে লগে বিষয়টো ৰাষ্ট্ৰ হৈ পৰাত ৰাইজে পুৰণিগুদাম আৰক্ষীক অৱগত কৰে ৷ পুৰণিগুদাম আৰক্ষীয়ে তদন্ত কৰি মঙ্গলবাৰে নিশা অভিযুক্ত ৰামেশ্বৰ হাজৰিকাক কৰায়ত্ত কৰে ৷