কেনেকৈ ৭ জনে মিলি চাকৰিৰ নামত চলাইছিল দালালৰাজ...

চাকৰিৰ নামত জিলাই জিলাই ধন সংগ্রহৰ ব্লুপ্রিণ্ট ৰচিছিল দালালকেইটাই

author-image
Asomiya Pratidin
New Update
কেনেকৈ ৭ জনে মিলি চাকৰিৰ নামত চলাইছিল দালালৰাজ...

ডিজিটেল ডেস্ক : ৰাজ্যত অব্যাহত আছে চাকৰিৰ নামত দালালৰাজ। সোমবাৰে দিছপুৰ আৰক্ষীৰ জালত পৰে ৭টাকৈ দালাল। চাকৰিৰ নামত জিলাই জিলাই ধন সংগ্রহৰ ব্লুপ্রিণ্ট ৰচিছিল দালালকেইটাই।

গুৱাহাটীৰ বৰবাৰীস্থিত জি বি ল’জত বহি তালিকা প্রস্তুত কৰিছিল ৭ দালালে। জলসম্পদ বিভাগৰ চাকৰিৰ নামত চলাইছিল দালালী। মাষ্টাৰ ৰোল বুলি সাধাৰণ লোকৰ নাম অন্তৰ্ভুক্তি কৰিছিল আৰু এই নাম অন্তৰ্ভুক্তিৰ নামত চলাইছিল ধন সংগ্রহ।

উল্লেখ্য যে ২০১৭ চনত জলসম্পদ বিভাগৰ মাষ্টাৰ ৰোল কৰ্মীয়ে তৰিছিল এটা গোচৰ। অতি কম দিনৰ ভিতৰত উচ্চ ন্যায়ালয়ে ৰায়দান কৰিব গোচৰটোৰ। আৰু সেই ৰায়দান আশানুৰূপ হ’লে কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়া হ’ব।

সেই তালিকাতেই অন্য লোকৰ নাম অন্তৰ্ভুক্তিৰ চক্রান্ত চলাইছিল দালালকেইটাই। নাম অন্তৰ্ভুক্তিৰ নামত জিলাই জিলাই গৈ ধন সংগ্রহৰ অভিযান চলাইছিল। এই ৭ দালালক দিছপুৰত বহি কোনে নিয়ন্ত্রণ কৰে তাৰ সন্ধানত আৰক্ষী এতিয়া নামি পৰিছে।

পলাতক ৰফিকুল হুছেইনৰ সন্ধানত নামি পৰিছে দিছপুৰ আৰক্ষী। হোটেলত কোঠা বুক কৰিছিল ৰফিকুল ইছলামে। ১০হাজাৰ টকাৰ বিনিময়ত ৰাতিটোৰ বাবে জয়ন্ত দাসক হোটেললৈ নিয়া হৈছিল। ডিটিপি অ’পাৰেটৰ আছিল জয়ন্ত দাস। জয়ন্ত দাসকো আটক কৰিছে দিছপুৰ আৰক্ষীয়ে।

দালাল চক্ৰটোৰ পৰা জব্দ কৰা হৈছে বিভিন্ন বিভাগৰ নিযুক্তি পত্র। চৰকাৰী ছীল আৰু চহী স্কেন কৰি নিযুক্তি পত্রত পেষ্টিং কৰিছিল। উল্লেখ্য যে আটক কৰা কেইজনৰ ভিতৰত এজনো মাষ্টাৰ ৰোলৰ কৰ্মী নহয়।

জয়ন্ত দাসৰ লেপটপ, প্রিণ্টাৰ জব্দ কৰিছে আৰক্ষীয়ে। লগতে জব্দ কৰিছে বহু লোকৰ নাম সন্নিবিষ্ট তালিকা। ধৃত ৭জনৰ পৰাও লেপটপ, নথি-পত্র জব্দ কৰিছে আৰক্ষীয়ে।দালালকেইজনে হোটেলত বহিয়েই ভুৱা নিযুক্তি পত্র তৈয়াৰ কৰিছিল।

এই দালাল চক্ৰৰ মাষ্টাৰ মাইণ্ড ৩জন এতিয়াও পলাতক আৱস্থাত আছে। জানিব পৰা মতে এইকেইজনৰ ২৬ হাজাৰ নিযুক্তিৰে কোনো সম্পৰ্ক নাই। ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা কেৱল দালালিৰ বাবে আহিছিল লোককেইজন। লোককেইজনক ৭দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

আৰক্ষীয়ে আটক কৰা দালালকেইটাৰ হৈছে নয়ন শইকীয়া (কাহিলীপাৰা), চিৰাজুল হক (মঙলদৈ), গোবিন্দ চৌধুৰী (নলবাৰী), নুৰ ইচলাম আহমেদ (নলবাৰী), জয়ন্ত ডেকা (বশিষ্ঠ), প্ৰাঞ্জল বৰ্মণ (নলবাৰী), জয়ন্ত দাস (গোৱালপাৰা)।

assam guwahati Assam police