ঢালিগাঁৱত আটক ৭আইপিএল জুৱাৰী

agrani khabar
agrani khabar

ডিজিটেল সংবাদ, চিৰাংঃ শুকুৰবাৰে নিশা কাজলগাঁও থানাৰ আৰক্ষীয়ে আইপিএল জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই ৭ জন আইপিএলৰ জুৱাৰীক আটক কৰে। আটকাধীন আইপিএলৰ জুৱাৰী কেইজন ক্ৰমে ঢালিগাঁও- বৈখুনগাঁও এলেকাৰ নুৰ ইছলাম ওৰফে ময়না, কাজিমুদ্দিন মণ্ডল, আব্দুল জুব্বাৰ ওৰফে পাগলা আৰু ঢালিগাঁও-ছাতিপুৰ এলেকাৰ আব্দুল ওৱাহাব সৰকাৰ, তাইজউদ্দিন সৰকাৰ, হালিমুল ইছলাম আৰু মতিউৰ ৰহমান ওৰফে মতি ড্ৰাইভাৰ ।

আৰক্ষীয়ে সদৰি কৰা মতে শুকুৰবাৰে নিশা ১০ বজাত ঢালিগাঁওস্থিত বঙাইগাঁও শোধনাগাৰৰ আইঅচি গেটৰ সন্মুখত থকা ঢালিগাঁও শাখা পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নৰ জিৰনী চৰাৰ পৰা ৭ আইপিএলৰ জুৱাৰীক আটক কৰে কাজলগাঁও থানাৰ আৰক্ষীয়ে। ধৃত জুৱাৰীকেইজনৰ পৰা কেবাটাও মোবাইল ফোন, নগদ টকা, ৩খন মটৰচাইকেল, দুখন স্কুটি আৰু জুৱাৰ কিছু হিচাপ নিকাচ লিখা আপত্তিজনক নথিপত্ৰ জব্দ কৰে ।

উল্লেখ্য যে আইপিএল জুৱাৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আটক কৰা মতিউৰ ৰহমান ওৰফে মতি ড্ৰাইভাৰ নৰ্থ ইষ্ট পেট্ৰ'লিয়াম মজদুৰ ইউনিয়নৰ কেন্দ্ৰীয় উপ-সভাপতি তথা নৰ্থ ইষ্ট এলপিজি মজদুৰ ইউনিয়নৰ ঢালিগাঁও শাখাৰ সভাপতি পদত অধিষ্ঠিত হৈ আছে। কাজলগাঁও থানাৰ আৰক্ষীয়ে জুৱাৰীকেইজনক গ্ৰেপ্তাৰ কৰা লগতে ২৮/২৪ নং গোচৰ পঞ্জীয়ন কৰি আইপিএল জুৱা চক্ৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ।

agrani khabar
দৰং-ওদালগুৰিত বিপিএফত মোক্ষম আঘাট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in