/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/nnnn-1.jpg)
ডিজিটেল সংবাদ,নগাঁও : নগাঁও চহৰত মটৰ চাইকেল চুৰি চক্ৰৰে জড়িত এজন দুৰ্ধৰ্ষ চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা চোৰটোৰ নাম হৈছে আদম আনচাৰী ৷ আদমৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে উদ্ধাৰ কৰিছে চুৰি কৰা সাতখনকৈ মটৰ চাইকেল ৷
আৰক্ষীৰ চকুত ধূলি দিবলৈ চুৰি কৰা মটৰ চাইকেল মজুত কৰিবলৈ চোৰে লৈছে নবতম পন্থা ৷ চহৰৰ পৰা চুৰি কৰা মটৰ চাইকেল চোৰে লৈ যায় নগাঁও চহৰৰ পৰা জখলাবন্ধা আৰু কলিয়াবৰ এলেকালৈ ৷ কলিয়াবৰ, জখলাবন্ধাত থকা চাহবাগিছাৰ মাজত চকুত নপৰাকৈ চুৰি কৰা মটৰচাইকেল পেলাই থয় চোৰে ৷
নগাঁৱৰ হয়বৰগাঁও টাউন আৰক্ষীচকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্ব যোৱা আৰক্ষীৰ এটা দলে চাহবাগিছাৰ মাজত লুকুৱাই থোৱা চাৰিখনকৈ চুৰি মটৰ চাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ চাহগছৰ মাজত চুৰি মটৰ চাইকেলসমূহ এনেদৰে পেলাই থোৱা হৈছিল যাতে কোনোলোকৰ চকুত নপৰে ৷
আৰক্ষীয়ে উদ্ধাৰ কৰা মটৰ চাইকেলৰ ভিতৰত আছে হিৰ' পেচন প্ৰ' , বাজাজ ডিচক্ৰভাৰ , হিৰ' চুপাৰ স্প্লেনডৰ আৰু এখন চুপাৰ স্প্লেনডৰ ৷ ইয়াৰ বাহিৰেও আন তিনিখন চুৰি মটৰ চাইকেল উদ্ধাৰ কৰিছে মিছা আৰক্ষীয়ে ৷
আৰু পঢ়ক: ভেজাল ঔষধ বিক্ৰী কৰি নগাঁৱত আটক ৩জন…