/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/hunger.jpg)
ডিজিটেল ডেস্ক: বিগত কেইটামান বছৰৰ পৰা জলবায়ুৰ পৰিৱৰ্তন হোৱা পৰিলক্ষিত হয়। মানুহৰ কিছুমান অবিবেচক কাণ্ড, বন ধ্বংস, প্ৰকৃতিক ধ্বংস কৰা আদি বিভিন্ন কাৰণতেই জলবায়ুৰ অত্যাধিক পৰিৱৰ্তন হোৱা দেখা যায়। এইবোৰ কাৰণেই বৃদ্ধি পাইছে উষ্ণতা , বৰষুণৰ ধৰণ সলনি আদি।
এই জলবায়ুৰ পৰিৱৰ্তনৰ ফলত খাদ্য সামগ্ৰীৰ উৎপাদন যোগানত যথেষ্ঠ প্ৰভাৱ পৰিছে। এই প্ৰভাৱ দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হয়। যাৰ বাবে ২০৫০ চনলৈ বিশ্বৰ কেইবাশ কোটি লোক ক্ষুধাৰ চিকাৰ হ'ব। এই কথা কৈছে বিশ্ব খাদ্য নীতি প্ৰতিবেদন-২০২২য়ে।
উল্লেখ্য যে, ২০৩০ চনলৈকে দেশৰ প্ৰায় ৭.৪ কোটি লোক ক্ষুধাৰ চিকাৰ হ'ব। ২০২১ চনত বিশ্বৰ ক্ষুধা সূচাংকত ভাৰতৰ স্থান ১১৬ দেশৰ ভিতৰত ১০১।
আৰু পঢ়ক: মুদ্ৰাস্ফীতিৰ ৩০ বছৰৰ অভিলেখ ভংগ