পৰীক্ষাৰ বহি পুনৰীক্ষণ; হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান লাভ শিৱসাগৰৰ প্ৰাৰ্থনাৰ…

পৰীক্ষাৰ বহি পুনৰীক্ষণ; হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান লাভ শিৱসাগৰৰ প্ৰাৰ্থনাৰ…

author-image
asomiyapratidin
New Update
পৰীক্ষাৰ বহি পুনৰীক্ষণ; হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষষ্ঠ স্থান লাভ শিৱসাগৰৰ প্ৰাৰ্থনাৰ…

ডিজিটেল সংবাদ, শিৱসাগৰ: শিৱসাগৰ জিলালৈ পুনৰ আন এক ভাল খবৰ । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী পুনৰীক্ষণত ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ প্ৰাৰ্থনা দত্তৰ ।হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা প্ৰাৰ্থনা দত্ত শলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী ।

Advertisment

সাধাৰণ বিজ্ঞানত মাত্ৰ ৬৭ নম্বৰ পোৱা বাবেই স্থান লাভৰ পৰা বঞ্চিত হৈছিল ছাত্ৰীগৰাকী । দৃঢ়মনা মেধাবী ছাত্ৰীগৰাকীয়ে আত্মবিশ্বাসেৰে বহী পুনৰীক্ষণ সিদ্ধান্ত লৈছিল ।

অৱশেষত সাধাৰণ বিজ্ঞানত ৯৯ নম্বৰ লাভৰ পাছতেই ৰাজ্যৰ ভিতৰতে ষষ্ঠ স্থান লাভ কৰা বুলি ঘোষণা ছেবাৰ । মেধাৱী ছাত্ৰী প্ৰাৰ্থনা দত্ত শলগুৰি অঞ্চলৰ প্ৰয়াত তিলক দত্ত আৰু জুৰি শইকীয়া দত্তৰ একমাত্ৰ কন্যা ।

মাত্ৰ তিনিবছৰ বয়সতে পিতৃক হেৰুওৱা ছাত্ৰী গৰাকীৰ পৰিয়াল তথা অধ্যয়ন কৰা বিদ্যালয়খনত আনন্দৰ জোৱাৰ।একে সময়তে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দৰে এক গুৰুত্বপূৰ্ণ পৰীক্ষাত এনে ধৰণৰ দায়িত্বজ্ঞানহীন কাণ্ডৰ বিপৰীতে ক্ষোভ প্ৰকাশ কৰিছে পৰিয়ালৰ লগতে স্থানীয় ৰাইজে।

assam exam sivsagar hsla seba