/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/008b5b44-b730-4b69-a99f-d16b0e7fc0c2/rural_medicine_day.jpg)
ডিজিটেল সংবাদ, জোনাই : ধেমাজি জিলাৰ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌ অসম গ্রাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ ষষ্ঠ বার্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি কালি সামৰণি পৰে। সংস্থাৰ ধেমাজি জিলা সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা সদৌ অসম গ্রাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ ষষ্ঠ বার্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আজিৰ কাৰ্যসূচী পুৱাৰ ভাগতে পৰিৱেশ নিকাকৰণৰ পিছত বন্তি প্ৰজ্বলন আৰু মঙ্গলাচাৰণেৰে শুভাৰম্ভ কৰা হয়।
ইয়াৰ পিছত সদৌ অসম গ্রাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাতুল শৰ্মা আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি দীপক ডেকাৰ দ্বাৰা পতাকা উত্তোলন আৰু সম্পাদক শ্যামল মহনৰ দ্বাৰা স্মৃতি তৰ্পণ কৰে। ইপিনে সংস্থাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ৰজনী পাংগিঙৰ দ্বাৰা বৃক্ষ ৰোপণ শুভাৰম্ভ কৰা হয়। ইয়াৰ পিছত অনুষ্ঠিত হোৱা বাৰে ৰহনীয়া সাংস্কৃতিক সমাৰোহ মিচিং, বড়ো, তিৱা, গোৰ্খা, আদিবাসী আদি লোক কৃষ্টি প্ৰদৰ্শন কৰা হয়।
উল্লেখযোগ্য যে Drugs and Cosmetic act ১৯৪০ অনুসৰি শিক্ষিত নিবনুৱাসকলক সংস্থাপন আৰু গ্ৰাম্য অঞ্চলৰ জনসাধাৰণক স্বাস্থ্যসেৱা আগবঢ়াবৰ বাবে অনুজ্ঞাপত্ৰধাৰী ঔষধ ব্যবসায়ীসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাত ২০১৭ চনৰ ১ নৱেম্বৰত ঐতিহাসিক শিৱসাগৰ চহৰত 'সদৌ অসম গ্রাম্য ঔষধ ব্যবসায়ী সংস্থা' ৰ জন্ম হয়।
আনহাতে, দুপৰীয়া সদৌ অসম গ্রাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাতুল শৰ্মাৰ সভাপতিত্বত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 দ্বীপেন শইকীয়াই মুকলি সভা উদ্বোধন কৰি সদৌ অসম গ্রাম্য ঔষধ ব্যৱসায়ী সংস্থাৰ সদস্য সকলে গ্ৰাম অঞ্চলৰ জনস্বাস্থ্য বৰ্তাই ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি মন্তব্য কৰে। সভাত মৰিধল মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড0 প্ৰদীপ বৰাই 'মুৰ্কংচেলেক' নামৰ স্মৃতিগ্ৰন্থখন উন্মোচন কৰে।
মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদকে অতিথি হিচাপে অংশগ্ৰহণ কৰি জোনাইৰ ৰাইজৰ অতিথিপৰায়ণতা আৰু ইয়াৰ ঐতিহ্যক উল্লেখ কৰি সদৌ অসম গ্রাম্য ঔষধ ব্যৱসায়ী সংস্থাক গ্ৰাম্যাঞ্চলৰ স্বাস্থ্য ৰক্ষাৰ সৈনিক বুলি অভিহিত কৰে। ধেমাজি জিলাৰ ঔষধ পৰিদৰ্শক যুগল বৰুৱাই নিজৰ ভাষণত সদৌ অসম গ্রাম্য ঔষধ ব্যৱসায়ী সংস্থা কেৱল এক ব্যৱসায়ী সংস্থা নহয়, মানৱ সেৱাহে ইয়াৰ মূল লক্ষ্য আৰু উদ্দেশ্য বুলি উল্লেখ কৰি জনস্বাস্থ্য প্ৰতি দায়বদ্ধ হৈ আইনৰ গণ্ডীৰ মাজত থাকি সদৌ অসম গ্রাম্য ঔষধ ব্যৱসায়ী সংস্থাক সেৱা আগবঢ়াবলৈ আন্তৰিক আহ্বান জনায়।
সভাত সমাজ জীৱনলৈ বিশেষ সেৱা আগবঢ়াৰ অবদান হিচাপে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দ্বীপেন শইকীয়া, চিচিবৰগাঁও মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নৱ শইকীয়া, সাংবাদিক ৰয়েল পেগু, মৃদুপবন চুতীয়া, মনোজ প্ৰজিপতি, প্ৰফুল্ল কামান, কৰবী দলে আদিক প্ৰশস্তি পত্ৰ আৰু ফুল গামোচাৰে বিশেষ সম্বৰ্ধনা জনোৱা হয়। সভাত জ্যেষ্ঠ ঔষধ ব্যৱসায়ী দুলাল বিশ্বাস, সংস্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক টিমেন বৰি, টেমন, অসম ড্ৰাগছ ডিলাৰ এচচিয়েছন উপ-সভাপতি বকুল সৰকাৰ, নিবাস হাজং, ৰাজীৱ দেউৰী, জোনাই জিলা টি এম পি কেৰ সম্পাদক মিগম দলে, পুতুল কলিতা, চন্দ্ৰ শেখৰ শৰ্মা, ধেমাজি বিহু সুৰক্ষা সমিতিৰ সম্পাদক প্ৰদীপ ৰঞ্জন দত্ত, সংস্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি হৰিপদ হাজং, ভাৰপ্ৰাপ্ত সম্পাদক পৰেশ দলে, অভ্যৰ্থনা সমিতিৰ সভাপতি দীপক ডেকা, সম্পাদক দুৰ্গা প্ৰসাদ চুতীয়া আদি বহুজনে উপস্থিত থাকে।
উল্লেখ্য যে, মঙলবাৰে অৰ্থাৎ প্ৰথম দিনা সদৌ অসম গ্রাম্য ঔষধ ব্যবসায়ী সংস্থাৰ ২৪ খন জিলা সমিতিৰ প্ৰতিনিধিৰে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয়। প্ৰতিনিধি সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।