
ডিজিটেল সংবাদ , বঢ়মপুৰ : জীৱনত শিক্ষাৰ শেষ নাই ৷ সেয়া লাগিলে আনুষ্ঠানিকেই হওক অথবা অনানুষ্ঠানিকেই হওক। ইচ্ছা থাকিলে চৰকাৰী অথবা বে-চৰকাৰী চাকৰিৰ পৰা অৱসৰগ্ৰহণৰ পাছতো যে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব পাৰি তাকেই যেন প্ৰমাণ কৰিব বিচাৰিছে এগৰাকী ৬৮ বছৰীয়া আইতাই।
হাতত কিতাপ-বহী লৈ নিয়মীয়া ছাত্ৰী হিচাপে কলেজলৈ অহা- যোৱা কৰা এগৰাকী আইতাই এই ক্ষেত্ৰত নৱ প্ৰজন্মক দেখুৱাইছে আশাৰ বতৰা ৷ নগাঁৱৰ বিদেশী ন্যায়াধীকৰন কাৰ্যালয়ত ষ্টেন’গ্ৰাফাৰৰ দৰে দায়িত্বশীল পদত থাকি লইতিমধ্যে অৱসৰ গ্ৰহন কৰা বঢ়মপুৰৰ এইগৰাকী আইতাৰ নাম বিশ্বেশ্বৰী খাটনিয়াৰ ৷ মোবাইল ফোনে উঠি অহা প্ৰজন্মক অধ্যয়নৰ প্ৰতি ধাউতি কমোৱাৰ সময়তে নগাঁও জিলাৰ বঢ়মপুৰ শান্তিবন নিবাসী এইগৰাকী আইতাই দেখুৱাইছে আদৰ্শ ৷
বি এচ চি পাছ কৰি চৰকাৰী কৰ্মচাৰী হিচাপে প্ৰথমে শ্ৰীমন্ত শংকৰ মিশ্যনত আৰু পাছত বিদেশী ন্যায়াধীকৰন কাৰ্যালয়ত কৰ্ম জীৱনৰ পাতনি মেলিছিল আইতাগৰাকীয়ে৷ কিতাপ পঢ়ি ভালপোৱা আৰু কিতাপকে প্ৰকৃত বন্ধুৰূপে গ্ৰহন কৰা আইতাই চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহন কৰাৰ পাছত আকৌ এবাৰ মন মেলিলে কলা শাখাত স্নাতক হোৱাৰ ৷
আজৰি সময়ত স্বামী আৰু বৰজীয়ৰীৰ কলা শাখাৰ কিতাপ-পত্ৰবোৰ লিৰিকি-বিদাৰি থকা আৰু কিতাপৰ গোন্ধে আকৃষ্ট কৰা আইতাই অৱশেষত কলেজত নামভৰ্তি কৰিলে আৰু সুখ্যাতিৰে উত্তীৰ্ণ হৈ এইবাৰ নাম ভৰ্তি কৰিছে স্নাতকোত্তৰ মহলাত ৷