/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/skkdsl.jpg)
অপহৃত যুৱক
ডিজিটেল সংবাদ, চিৰাং : চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ছাতিপুৰৰ পৰা বুধবাৰে সন্ধিয়াৰ ভাগত এটা ছজনীয়া দুৰ্বৃত্তৰ দলে এখন বগা ৰঙৰ চাৰিচকীয়া বাহনৰে ওৱাছিম আক্ৰম (২৩) নামৰ যুৱকক অপহৰণ কৰে । লোকচক্ষুৰ সন্মুখতে এনেদৰে অপহৰণ কাৰ্য সংঘটিত দেখি এলেকাত ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।
অপহৰণ কাণ্ডৰ খবৰ লাভ কৰি ঢালিগাঁও থানাৰ আৰক্ষীয়ে এক সফল অভিযান চলাই চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বেংতলৰ পৰা অপহৃত যুৱক ওৱাছিম আক্ৰমক উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে অপহৰণকাৰী ছয় দুৰ্বৃত্তক আটক কৰাৰ লগতে অপহৰণ কাৰ্য্যত ব্যবহৃত AS 26E 2081 পঞ্জীয়ন নম্বৰৰ এখন বিলাসী মহিন্দ্ৰা বাহন জব্দ কৰে।
কি উদ্দেশ্যৰে দুৰ্বৃত্তৰ দলটোয়ে ওৱাছিম আক্ৰমক অপহৰণ কৰিছিল সেই সন্দৰ্ভত চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰানজিত বৰাই কিছু মন্তব্য কৰে যদিও তদন্তৰ খাতিৰত বিতং তথ্য সদৰি কৰাৰ পৰা বিৰত থাকে । সম্প্ৰতি আৰক্ষী অধীক্ষক জনে অপহৃত আৰু অপহৰণকাৰী দলটোক ঢালিগাঁও থানাত সোধপোচ অব্যাহত ৰাখিছে । তদন্তৰ খাতিৰত অপহৰণকাৰী দলৰ সদস্য সকলৰ নাম আৰক্ষীয়ে এতিয়াও ৰাজহুৱা কৰা নাই ।
আৰু পঢ়ক: বৰপেটা আৰক্ষীৰ জালত ৫ টাকৈ গাড়ী চোৰ
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us