৬ ঘন্টা জেৰাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হ'ল ভিক্টৰৰ ছাত্ৰ অম্লানক...

অৱশেষত ঘৰলৈ যাবলৈ দিয়া হ'ল ৰাজ্যৰ চাকৰি নিযুক্তিত কেলেংকাৰীৰ অভিযোগ তোলা ভিক্টৰ দাসৰ ছাত্ৰক।

author-image
Asomiya Pratidin
New Update
৬ ঘন্টা জেৰাৰ পাছত ঘৰলৈ যাবলৈ দিয়া হ'ল ভিক্টৰৰ ছাত্ৰ অম্লানক...

6 hours of interrogation victor das case

ডিজিটেল ডেস্ক: অৱশেষত ঘৰলৈ যাবলৈ দিয়া হল ৰাজ্যৰ চাকৰি নিযুক্তিত কেলেংকাৰীৰ অভিযোগ তোলা ভিক্টৰ দাসৰ ছাত্ৰক। প্ৰায় ৬ ঘন্টা ধৰি জেৰা চলোৱাৰ পাছত অম্লানজ্য়োতি দত্তক ঘৰলৈ যাবলৈ দিয়ে আৰক্ষীয়ে।

Advertisment

অম্লানে কয় যে তেওঁৰ হাতত যি তথ্য আছে সকলো আৰক্ষীক যোগান ধৰিব আৰু পৰৱৰ্তী সময়তো আৰক্ষীক সহায় কৰিব। তদুপৰি যি কেইটা নম্বৰৰ পৰা তেওঁলৈ ফোন আহিছিল সেই নম্বৰ আৰক্ষীক দিয়া বুলি তেওঁ কয়।

উল্লেখ্য যে পাণবজাৰ থানাত ভিক্টৰ দাসৰ লগতে ৫ গৰাকী ছাত্র-ছাত্রীক জেৰা চলোৱা হৈছিল। বিয়লি ভাগত চাৰি গৰাকী ছাত্র-ছাত্রীক পাণবজাৰ থানাত তলব কৰা হৈছিল। ৪৫ মিনিটজোৰা সোধাপোছাৰ অন্তত যাবলৈ দিয়া হৈছিল ৪গৰাকী ছাত্র-ছাত্রীক।

কিন্তু অম্লানক লৈ আৰক্ষীয়ে অব্যাহত ৰাখিছিল জেৰা। অৱশেষত ঘৰলৈ যাবলৈ দিয়ে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

assam assam govt Assam police