দক্ষিণ শালমাৰা-মানকাচৰ জিলাত নতুনকৈ ৬ জনৰ দেহত ধৰা পৰিল কোৰোনাৰ উপস্থিতি…

দক্ষিণ শালমাৰা-মানকাচৰ জিলাত নতুনকৈ ৬ জনৰ দেহত ধৰা পৰিল কোৰোনাৰ উপস্থিতি…

author-image
asomiyapratidin
New Update
দক্ষিণ শালমাৰা-মানকাচৰ জিলাত নতুনকৈ ৬ জনৰ দেহত ধৰা পৰিল কোৰোনাৰ উপস্থিতি…

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত আজি নতুনকৈ আন ৬ জন লোকৰ দেহত কোভিড-১৯ ৰ অৱস্থিতি ধৰা পৰাত জিলাখনত কোৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা ১৭ জনলৈ বৃদ্ধি পায়। জিলাখনত ইতিমধ্যে জিলা প্ৰশাসনে সকলো লোকক ঘৰৰ পৰা ওলাওতে মাক্স পিন্ধি ওলাই অহাৰ উপৰিও সামাজিক দূৰত্ব বজাই ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰি মহকুমা জনসংযোগ বিভাগৰ দ্বাৰা প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে।

Advertisment

ফলত জিলাখনৰ অধিকাংশ লোক এতিয়া মাক্স পৰিধান কৰিবলৈ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। অৱশ্য কিছু কিছু ভিতৰুৱা অঞ্চলত এতিয়াও ৰাইজে মাস্ক ব্যৱহাৰ কৰা নাই যদিও জিলা প্ৰশাসনৰ নিৰ্দেশৰ পাছত আৰক্ষীয়ে কঠোৰ হৈ ঠায়ে ঠায়ে মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে অভিযান চলাই জৰিমনা লোৱাৰ ব্যৱস্থা হাতত লৈছে।

ইফালে জিলাখনত বৰ্তমানলৈকে ১৭ জন লোক কৰোনাত আক্ৰান্ত হোৱাৰ ফলত সচেতন মহল চিন্তিত হৈ পৰিছে। জিলাখনৰ সহস্ৰাধিক লোক চুবুৰীয়া ৰাজ্য মেঘালয়ৰ বিভিন্ন হাট বজাৰত দৈনিক ব্যৱসায় কৰিবলৈ অহা-যোৱা কৰাৰ লগতে একাংশ লোক ৰাজ্যখনত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে। এই সকল ক্ষুদ্ৰ ব্যৱসায়ী তথা শ্ৰমিক ৰাজ্য খনৰ পৰা ঘৰলৈ অহাৰ পাছত তেওঁৰ লগতে তেওঁৰ পৰিয়াল আক্ৰান্ত হোৱাৰ উপৰিও জিলাখনত গণ সংক্ৰমণ হ'ব পাৰে বুলি ধাৰণা কৰা হৈছে। ইয়াকে লৈ জিলা প্ৰশাসনে মেঘালয়ৰ পৰা মানকাচৰলৈ প্ৰৱেশ কৰিব পৰা চাৰিটাকৈ মূল প্ৰৱেশদ্বাৰত মেঘালয়ৰ পৰা আহিবলগীয়া লোকক কোভিড পৰীক্ষাৰ ব্যৱস্থা কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে।